quranm◉

পৃষ্ঠা 355

Range
from 24:37 to 24:43
Surahs covered
অনুবাদ
7 অনুবাদ

◉

24:37

رِجَالٞ لَّا تُلۡهِيهِمۡ تِجَٰرَةٞ وَلَا بَيۡعٌ عَن ذِكۡرِ ٱللَّهِ وَإِقَامِ ٱلصَّلَوٰةِ وَإِيتَآءِ ٱلزَّكَوٰةِ يَخَافُونَ يَوۡمٗا تَتَقَلَّبُ فِيهِ ٱلۡقُلُوبُ وَٱلۡأَبۡصَٰرُ ﴿37﴾

সেইসকল লোকে, যিসকলক ব্যৱসায়-বাণিজ্য আৰু বেচা-কিনাই আল্লাহৰ স্মৰণৰ পৰা আৰু ছালাত কায়েম কৰাৰ পৰা লগতে যাকাত প্ৰদান কৰাৰ পৰা বিৰত নাৰাখে, তেওঁলোকে সেই দিনটোক ভয় পায় যিদিনা বহুতো অন্তৰ আৰু দৃষ্টিসমূহ ওলট-পালট হৈ যাব।

24:38

لِيَجۡزِيَهُمُ ٱللَّهُ أَحۡسَنَ مَا عَمِلُواْ وَيَزِيدَهُم مِّن فَضۡلِهِۦۗ وَٱللَّهُ يَرۡزُقُ مَن يَشَآءُ بِغَيۡرِ حِسَابٖ ﴿38﴾

তেওঁলোকে যি উত্তম আমল কৰে তাৰ বাবে আল্লাহে যাতে তেওঁলোকক পুৰস্কাৰ দিয়ে আৰু তেওঁ নিজ অনুগ্ৰহত তেওঁলোকৰ প্ৰাপ্যতকৈও অধিক প্ৰদান কৰে। আৰু আল্লাহে যাক ইচ্ছা অপৰিমিত জীৱিকা দান কৰে।

24:39

وَٱلَّذِينَ كَفَرُوٓاْ أَعۡمَٰلُهُمۡ كَسَرَابِۭ بِقِيعَةٖ يَحۡسَبُهُ ٱلظَّمۡـَٔانُ مَآءً حَتَّىٰٓ إِذَا جَآءَهُۥ لَمۡ يَجِدۡهُ شَيۡـٔٗا وَوَجَدَ ٱللَّهَ عِندَهُۥ فَوَفَّىٰهُ حِسَابَهُۥۗ وَٱللَّهُ سَرِيعُ ٱلۡحِسَابِ ﴿39﴾

আৰু যিসকলে কুফৰী কৰে সিহঁতৰ আমলসমূহ মৰুভূমিৰ মৰীচিকাৰ দৰে, তৃষ্ণাতুৰ ব্যক্তিয়ে যিটোক পানী বুলি ভাৱে, কিন্তু যেতিয়া সি সেইটোৰ কাষতগৈ উপস্থিত হয়, তাত একোকে নাপায়, বৰং তাত আল্লাহকহে পায়, এতেকে তেওঁ তাক তাৰ হিচাপ পূৰ্ণমাত্ৰাত প্ৰদান কৰিব; আৰু আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।

24:40

أَوۡ كَظُلُمَٰتٖ فِي بَحۡرٖ لُّجِّيّٖ يَغۡشَىٰهُ مَوۡجٞ مِّن فَوۡقِهِۦ مَوۡجٞ مِّن فَوۡقِهِۦ سَحَابٞۚ ظُلُمَٰتُۢ بَعۡضُهَا فَوۡقَ بَعۡضٍ إِذَآ أَخۡرَجَ يَدَهُۥ لَمۡ يَكَدۡ يَرَىٰهَاۗ وَمَن لَّمۡ يَجۡعَلِ ٱللَّهُ لَهُۥ نُورٗا فَمَا لَهُۥ مِن نُّورٍ ﴿40﴾

অথবা (সিহঁতৰ আমলসমূহ) গভীৰ সাগৰৰ তলত থকা অন্ধকাৰৰ দৰে, যাক আচ্ছন্ন কৰে তৰংগৰ ওপৰত তৰঙ্গই, যাৰ উৰ্দ্ধত আছে মেঘপুঞ্জ, অন্ধকাৰযুক্ত মেঘপুঞ্জ স্তৰৰ ওপৰত স্তৰ, আনকি সি নিজৰ হাতখন উলিয়ালেও কদাপিও দেখা নাপাব; আৰু আল্লাহে যাৰ বাবে নূৰৰ ব্যৱস্থা কৰা নাই, তাৰ বাবে কোনো নূৰ নাই।

24:41

أَلَمۡ تَرَ أَنَّ ٱللَّهَ يُسَبِّحُ لَهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَٱلطَّيۡرُ صَـٰٓفَّـٰتٖۖ كُلّٞ قَدۡ عَلِمَ صَلَاتَهُۥ وَتَسۡبِيحَهُۥۗ وَٱللَّهُ عَلِيمُۢ بِمَا يَفۡعَلُونَ ﴿41﴾

তুমি লক্ষ্য কৰা নাইনে যে, আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে আৰু শাৰীবদ্ধভাৱে উৰিফুৰা চৰাইয়েও আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে? প্ৰত্যেকেই জানে নিজ নিজ ইবাদতৰ আৰু পৱিত্ৰতা-মহিমা ঘোষণাৰ পদ্ধতি। আৰু সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।

24:42

وَلِلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ وَإِلَى ٱللَّهِ ٱلۡمَصِيرُ ﴿42﴾

আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই, আৰু আল্লাহৰ ফালেই শেষ প্ৰত্যাৱৰ্তন।

24:43

أَلَمۡ تَرَ أَنَّ ٱللَّهَ يُزۡجِي سَحَابٗا ثُمَّ يُؤَلِّفُ بَيۡنَهُۥ ثُمَّ يَجۡعَلُهُۥ رُكَامٗا فَتَرَى ٱلۡوَدۡقَ يَخۡرُجُ مِنۡ خِلَٰلِهِۦ وَيُنَزِّلُ مِنَ ٱلسَّمَآءِ مِن جِبَالٖ فِيهَا مِنۢ بَرَدٖ فَيُصِيبُ بِهِۦ مَن يَشَآءُ وَيَصۡرِفُهُۥ عَن مَّن يَشَآءُۖ يَكَادُ سَنَا بَرۡقِهِۦ يَذۡهَبُ بِٱلۡأَبۡصَٰرِ ﴿43﴾

তুমি লক্ষ্য কৰা নাইনে যে, আল্লাহে মেঘমালাক সঞ্চালিত কৰে? তাৰ পিছত তেওঁ সেইবোৰক একত্ৰিত কৰে আৰু পিছত পঞ্জীভূত কৰে, তাৰ পিছত তুমি দেখিবলৈ পোৱা যে, তাৰ মাজৰ পৰাই বৰষুণৰ টোপাল ওলাই আহে, আৰু তেওঁ আকাশত অৱস্থিত মেঘৰ পৰ্বতৰ মধ্যস্থিত শিলাস্তূপৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা তেওঁ যাক ইচ্ছা আঘাত কৰে আৰু যাক ইচ্ছা তাৰ পৰা ইয়াক আন ফালে আঁতৰাই দিয়ে। মেঘৰ বিজুলী চকমকনিয়ে দৃষ্টিশক্তি কাঢ়ি লোৱাৰ উপক্ৰম হয়।