quranm◉

Surah Ash-Shu'ara transliteration

◉ ছুৰা · ∞

26:1

طسٓمٓ ﴿1﴾

Transliteration: Taseenmeem

Translation: ত্ব-ছীন-মীম।

26:2

تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡمُبِينِ ﴿2﴾

Transliteration: Tilka ayatu alkitabi almubeeni

Translation: এইবোৰ সুস্পষ্ট কিতাবৰ আয়াত।

26:3

لَعَلَّكَ بَٰخِعٞ نَّفۡسَكَ أَلَّا يَكُونُواْ مُؤۡمِنِينَ ﴿3﴾

Transliteration: LaAAallaka bakhiAAun nafsaka alla yakoonoo mumineena

Translation: সিহঁতে মুমিন হোৱা নাই বুলি হয়তো তুমি আত্মঘাতী হৈ পৰিবা।

26:4

إِن نَّشَأۡ نُنَزِّلۡ عَلَيۡهِم مِّنَ ٱلسَّمَآءِ ءَايَةٗ فَظَلَّتۡ أَعۡنَٰقُهُمۡ لَهَا خَٰضِعِينَ ﴿4﴾

Transliteration: In nasha nunazzil AAalayhim mina alssamai ayatan fathallat aAAnaquhum laha khadiAAeena

Translation: আমি ইচ্ছা কৰিলে আকাশৰ পৰা সিহঁতৰ ওপৰত এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰিলোহেঁতেন, যাৰ ফলত সেইটোৰ প্ৰতি সিহঁতৰ ঘাৰ অৱনত হৈ পৰিলহেঁতেন।

26:5

وَمَا يَأۡتِيهِم مِّن ذِكۡرٖ مِّنَ ٱلرَّحۡمَٰنِ مُحۡدَثٍ إِلَّا كَانُواْ عَنۡهُ مُعۡرِضِينَ ﴿5﴾

Transliteration: Wama yateehim min thikrin mina alrrahmani muhdathin illa kanoo AAanhu muAArideena

Translation: আৰু যেতিয়াই সিহঁতৰ ওচৰত ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।

26:6

فَقَدۡ كَذَّبُواْ فَسَيَأۡتِيهِمۡ أَنۢبَـٰٓؤُاْ مَا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ ﴿6﴾

Transliteration: Faqad kaththaboo fasayateehim anbao ma kanoo bihi yastahzioona

Translation: এতেকে সিহঁতে অৱশ্যে অস্বীকাৰ কৰিছে। সেয়ে সিহঁতে যিটো লৈ ঠাট্টা-বিদ্ৰূপ কৰিছিল তাৰ প্ৰকৃত বাৰ্তা সিহঁতৰ ওচৰত অতি শীঘ্ৰে আহি পৰিব।

26:7

أَوَلَمۡ يَرَوۡاْ إِلَى ٱلۡأَرۡضِ كَمۡ أَنۢبَتۡنَا فِيهَا مِن كُلِّ زَوۡجٖ كَرِيمٍ ﴿7﴾

Transliteration: Awalam yaraw ila alardi kam anbatna feeha min kulli zawjin kareemin

Translation: সিহঁতে পৃথিৱীৰ ফালে লক্ষ্য নকৰে নেকি? আমি তাত প্ৰত্যেক প্ৰকাৰৰ বহুতো উৎকৃষ্ট উদ্ভিদ উৎপন্ন কৰিছোঁ!

26:8

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿8﴾

Transliteration: Inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:9

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿9﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:10

وَإِذۡ نَادَىٰ رَبُّكَ مُوسَىٰٓ أَنِ ٱئۡتِ ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ ﴿10﴾

Transliteration: Waith nada rabbuka moosa ani iti alqawma alththalimeena

Translation: আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে মুছাক মাতি ক’লে, ‘তুমি যালিম সম্প্ৰদায়ৰ ওচৰলৈ যোৱা,

26:11

قَوۡمَ فِرۡعَوۡنَۚ أَلَا يَتَّقُونَ ﴿11﴾

Transliteration: Qawma firAAawna ala yattaqoona

Translation: ফিৰআউনৰ সম্প্ৰদায়ৰ ওচৰত; সিহঁতে তাক্বৱা অৱলম্বন নকৰিব নে’?

26:12

قَالَ رَبِّ إِنِّيٓ أَخَافُ أَن يُكَذِّبُونِ ﴿12﴾

Transliteration: Qala rabbi innee akhafu an yukaththibooni

Translation: মুছাই ক’লে, ‘হে মোৰ ৰব্ব! মোৰ আশংকা হৈছে যে, সিহঁতে মোক অস্বীকাৰ কৰিব।

26:13

وَيَضِيقُ صَدۡرِي وَلَا يَنطَلِقُ لِسَانِي فَأَرۡسِلۡ إِلَىٰ هَٰرُونَ ﴿13﴾

Transliteration: Wayadeequ sadree wala yantaliqu lisanee faarsil ila haroona

Translation: ‘আৰু মোৰ বুকু সংকুচিত হৈ পৰিছে, লগতে মোৰ জিভাও স্বাভাৱিক নহয়। এতেকে তুমি হাৰূনৰ প্ৰতিও অহী প্ৰেৰণ কৰা।

26:14

وَلَهُمۡ عَلَيَّ ذَنۢبٞ فَأَخَافُ أَن يَقۡتُلُونِ ﴿14﴾

Transliteration: Walahum AAalayya thanbun faakhafu an yaqtulooni

Translation: ‘আৰু মোৰ বিৰুদ্ধে সিহঁতৰ ওচৰত এটা অভিযোগো আছে, সেয়ে মোৰ আশংকা হৈছে যে, সিহঁতে মোক হত্যা কৰিব’।

26:15

قَالَ كَلَّاۖ فَٱذۡهَبَا بِـَٔايَٰتِنَآۖ إِنَّا مَعَكُم مُّسۡتَمِعُونَ ﴿15﴾

Transliteration: Qala kalla faithhaba biayatina inna maAAakum mustamiAAoona

Translation: আল্লাহে ক’লে, ‘নহয়, কেতিয়াও নহয়, তোমালোক দুয়ো মোৰ নিদৰ্শন লৈ যোৱা, নিশ্চয় আমি তোমালোকৰ লগত আছোঁ শ্ৰৱণকাৰী হিচাপে।

26:16

فَأۡتِيَا فِرۡعَوۡنَ فَقُولَآ إِنَّا رَسُولُ رَبِّ ٱلۡعَٰلَمِينَ ﴿16﴾

Transliteration: Fatiya firAAawna faqoola inna rasoolu rabbi alAAalameena

Translation: ‘এতেকে তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ গৈ কোৱা, ‘নিশ্চয় আমি বিশ্বজগতৰ প্ৰতিপালকৰ (তৰফৰ পৰা প্ৰেৰিত) ৰাছুল,

26:17

أَنۡ أَرۡسِلۡ مَعَنَا بَنِيٓ إِسۡرَـٰٓءِيلَ ﴿17﴾

Transliteration: An arsil maAAana banee israeela

Translation: ‘যাতে তুমি বনী ইছৰাঈলক আমাৰ লগত পঠাই দিয়া’।

26:18

قَالَ أَلَمۡ نُرَبِّكَ فِينَا وَلِيدٗا وَلَبِثۡتَ فِينَا مِنۡ عُمُرِكَ سِنِينَ ﴿18﴾

Transliteration: Qala alam nurabbika feena waleedan walabithta feena min AAumurika sineena

Translation: ফিৰআউনে ক’লে, ‘আমি তোমাক শৈশৱ কালত আমাৰ মাজতে লালন-পালন কৰা নাছিলোনে? আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা,

26:19

وَفَعَلۡتَ فَعۡلَتَكَ ٱلَّتِي فَعَلۡتَ وَأَنتَ مِنَ ٱلۡكَٰفِرِينَ ﴿19﴾

Transliteration: WafaAAalta faAAlataka allatee faAAalta waanta mina alkafireena

Translation: ‘আৰু তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছায়ে আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত’।

26:20

قَالَ فَعَلۡتُهَآ إِذٗا وَأَنَا۠ مِنَ ٱلضَّآلِّينَ ﴿20﴾

Transliteration: Qala faAAaltuha ithan waana mina alddalleena

Translation: মুছাই ক’লে, ‘সেইটো মই তেতিয়া কৰিছিলোঁ, যেতিয়া মই বিভ্ৰান্ত আছিলোঁ’।

26:21

فَفَرَرۡتُ مِنكُمۡ لَمَّا خِفۡتُكُمۡ فَوَهَبَ لِي رَبِّي حُكۡمٗا وَجَعَلَنِي مِنَ ٱلۡمُرۡسَلِينَ ﴿21﴾

Transliteration: Fafarartu minkum lamma khiftukum fawahaba lee rabbee hukman wajaAAalanee mina almursaleena

Translation: ‘এতেকে যেতিয়া মই তোমালোকক ভয় কৰিছিলোঁ, তেতিয়া মই তোমালোকৰ পৰা পলায়ন কৰিছিলোঁ। ইয়াৰ পিছত মোৰ প্ৰতিপালকে মোক প্ৰজ্ঞা (নবুওৱত) দান কৰিছে আৰু মোক ৰাছুলসকলৰ অন্তৰ্ভুক্ত কৰিছে।

26:22

وَتِلۡكَ نِعۡمَةٞ تَمُنُّهَا عَلَيَّ أَنۡ عَبَّدتَّ بَنِيٓ إِسۡرَـٰٓءِيلَ ﴿22﴾

Transliteration: Watilka niAAmatun tamunnuha AAalayya an AAabbadta banee israeela

Translation: ‘আৰু মোৰ প্ৰতি তোমাৰ যি অনুগ্ৰহৰ কথা উল্লেখ কৰি তুমি দয়া দেখুৱাই আছা, তাৰ প্ৰকৃত সত্য এইটো যে, তুমি বনী ইছৰাঈলক দাসত পৰিণত কৰিছা’।

26:23

قَالَ فِرۡعَوۡنُ وَمَا رَبُّ ٱلۡعَٰلَمِينَ ﴿23﴾

Transliteration: Qala firAAawnu wama rabbu alAAalameena

Translation: ফিৰআউনে ক’লে, ‘সৃষ্টিজগতৰ ৰব্ব আকৌ কি’?

26:24

قَالَ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُم مُّوقِنِينَ ﴿24﴾

Transliteration: Qala rabbu alssamawati waalardi wama baynahuma in kuntum mooqineena

Translation: মুছাই ক’লে, ‘তেৱেঁই আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ ৰব্ব, যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা’।

26:25

قَالَ لِمَنۡ حَوۡلَهُۥٓ أَلَا تَسۡتَمِعُونَ ﴿25﴾

Transliteration: Qala liman hawlahu ala tastamiAAoona

Translation: ফিৰআউনে তাৰ ওচৰে পাজৰে থকা লোকসকলক লক্ষ্য কৰি ক’লে, ‘তোমালোকে মনোযোগ সহকাৰে শুনিছানে’?

26:26

قَالَ رَبُّكُمۡ وَرَبُّ ءَابَآئِكُمُ ٱلۡأَوَّلِينَ ﴿26﴾

Transliteration: Qala rabbukum warabbu abaikumu alawwaleena

Translation: মুছাই ক’লে, ‘তেৱেঁই তোমালোকৰ ৰব্ব আৰু তোমালোকৰ পূৰ্বপুৰুষসকলোৰো ৰব্ব’।

26:27

قَالَ إِنَّ رَسُولَكُمُ ٱلَّذِيٓ أُرۡسِلَ إِلَيۡكُمۡ لَمَجۡنُونٞ ﴿27﴾

Transliteration: Qala inna rasoolakumu allathee orsila ilaykum lamajnoonun

Translation: ফিৰআউনে ক’লে, ‘তোমালোকৰ প্ৰতি প্ৰেৰিত তোমালোকৰ এই ৰাছুলজন নিশ্চয় এজন বলিয়া’।

26:28

قَالَ رَبُّ ٱلۡمَشۡرِقِ وَٱلۡمَغۡرِبِ وَمَا بَيۡنَهُمَآۖ إِن كُنتُمۡ تَعۡقِلُونَ ﴿28﴾

Transliteration: Qala rabbu almashriqi waalmaghribi wama baynahuma in kuntum taAAqiloona

Translation: মুছাই ক’লে, ‘তেওঁ পূৱ আৰু পশ্চিমৰ লগতে এই দুয়োৰে মাজত যি আছে সেই সকলো বস্তুৰ ৰব্ব; যদি তোমালোকে বুজি পোৱা’।

26:29

قَالَ لَئِنِ ٱتَّخَذۡتَ إِلَٰهًا غَيۡرِي لَأَجۡعَلَنَّكَ مِنَ ٱلۡمَسۡجُونِينَ ﴿29﴾

Transliteration: Qala laini ittakhathta ilahan ghayree laajAAalannaka mina almasjooneena

Translation: ফিৰআউনে ক’লে, ‘যদি তুমি মোৰ পৰিবৰ্তে আনক ইলাহৰূপে গ্ৰহণ কৰা তেন্তে মই তোমাক অৱশ্যে কাৰাৰুদ্ধ কৰিম’।

26:30

قَالَ أَوَلَوۡ جِئۡتُكَ بِشَيۡءٖ مُّبِينٖ ﴿30﴾

Transliteration: Qala awalaw jituka bishayin mubeenin

Translation: মুছাই ক’লে, ‘যদি মই তোমাৰ ওচৰত স্পষ্ট কোনো বিষয় লৈ আহোঁ, তথাপিও’?

26:31

قَالَ فَأۡتِ بِهِۦٓ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ ﴿31﴾

Transliteration: Qala fati bihi in kunta mina alssadiqeena

Translation: ফিৰআউনে ক’লে, ‘যদি তুমি সত্যবাদী হোৱা তেন্তে সেয়া লৈ আহা’।

26:32

فَأَلۡقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعۡبَانٞ مُّبِينٞ ﴿32﴾

Transliteration: Faalqa AAasahu faitha hiya thuAAbanun mubeenun

Translation: তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।

26:33

وَنَزَعَ يَدَهُۥ فَإِذَا هِيَ بَيۡضَآءُ لِلنَّـٰظِرِينَ ﴿33﴾

Transliteration: WanazaAAa yadahu faitha hiya baydao lilnnathireena

Translation: আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।

26:34

قَالَ لِلۡمَلَإِ حَوۡلَهُۥٓ إِنَّ هَٰذَا لَسَٰحِرٌ عَلِيمٞ ﴿34﴾

Transliteration: Qala lilmalai hawlahu inna hatha lasahirun AAaleemun

Translation: ফিৰআউনে তাৰ ওচৰে পাজৰে থকা পৰিষদবৰ্গক উদ্দেশ্য কৰি ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’।

26:35

يُرِيدُ أَن يُخۡرِجَكُم مِّنۡ أَرۡضِكُم بِسِحۡرِهِۦ فَمَاذَا تَأۡمُرُونَ ﴿35﴾

Transliteration: Yureedu an yukhrijakum min ardikum bisihrihi famatha tamuroona

Translation: ‘এওঁ নিজৰ যাদু শক্তিৰে তোমালোকক তোমালোকৰ দেশৰ পৰাই বহিষ্কৃত কৰিব বিচাৰে। এতেকে তোমালোকে মোক কি পৰামৰ্শ দিয়া’?

26:36

قَالُوٓاْ أَرۡجِهۡ وَأَخَاهُ وَٱبۡعَثۡ فِي ٱلۡمَدَآئِنِ حَٰشِرِينَ ﴿36﴾

Transliteration: Qaloo arjih waakhahu waibAAath fee almadaini hashireena

Translation: সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক কিছু সময় অৱকাশ দিয়ক আৰু নগৰে নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক,

26:37

يَأۡتُوكَ بِكُلِّ سَحَّارٍ عَلِيمٖ ﴿37﴾

Transliteration: Yatooka bikulli sahharin AAaleemin

Translation: ‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰত্যেক অভিজ্ঞ যাদুকৰক লৈ উপস্থিত হয়’।

26:38

فَجُمِعَ ٱلسَّحَرَةُ لِمِيقَٰتِ يَوۡمٖ مَّعۡلُومٖ ﴿38﴾

Transliteration: FajumiAAa alssaharatu limeeqati yawmin maAAloomin

Translation: তাৰ পিছত এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত যাদুকৰসকলক একত্ৰিত কৰা হ’ল,

26:39

وَقِيلَ لِلنَّاسِ هَلۡ أَنتُم مُّجۡتَمِعُونَ ﴿39﴾

Transliteration: Waqeela lilnnasi hal antum mujtamiAAoona

Translation: আৰু মানুহক কোৱা হ’ল, ‘তোমালোকেও সমবেত হ’বানে’?

26:40

لَعَلَّنَا نَتَّبِعُ ٱلسَّحَرَةَ إِن كَانُواْ هُمُ ٱلۡغَٰلِبِينَ ﴿40﴾

Transliteration: LaAAallana nattabiAAu alssaharata in kanoo humu alghalibeena

Translation: ‘যাতে আমি যাদুকৰসকলক অনুসৰণ কৰিব পাৰোঁ, যদি সিহঁতে বিজয়ী হয়’।

26:41

فَلَمَّا جَآءَ ٱلسَّحَرَةُ قَالُواْ لِفِرۡعَوۡنَ أَئِنَّ لَنَا لَأَجۡرًا إِن كُنَّا نَحۡنُ ٱلۡغَٰلِبِينَ ﴿41﴾

Transliteration: Falamma jaa alssaharatu qaloo lifirAAawna ainna lana laajran in kunna nahnu alghalibeena

Translation: এতেকে যেতিয়া যাদুকৰবিলাকে আহি ফিৰআউনক ক’লে, ‘যদি আমি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিবনে’?

26:42

قَالَ نَعَمۡ وَإِنَّكُمۡ إِذٗا لَّمِنَ ٱلۡمُقَرَّبِينَ ﴿42﴾

Transliteration: Qala naAAam wainnakum ithan lamina almuqarrabeena

Translation: ফিৰআউনে ক’লে, ‘হয়, আৰু নিশ্চয় তোমালোক তেতিয়া মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।

26:43

قَالَ لَهُم مُّوسَىٰٓ أَلۡقُواْ مَآ أَنتُم مُّلۡقُونَ ﴿43﴾

Transliteration: Qala lahum moosa alqoo ma antum mulqoona

Translation: মুছাই সিহঁতক ক’লে, ‘তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে সেয়া নিক্ষেপ কৰা’।

26:44

فَأَلۡقَوۡاْ حِبَالَهُمۡ وَعِصِيَّهُمۡ وَقَالُواْ بِعِزَّةِ فِرۡعَوۡنَ إِنَّا لَنَحۡنُ ٱلۡغَٰلِبُونَ ﴿44﴾

Transliteration: Faalqaw hibalahum waAAisiyyahum waqaloo biAAizzati firAAawna inna lanahnu alghaliboona

Translation: তাৰ পিছত সিহঁতে সিহঁতৰ ৰছী আৰু লাখুটিবোৰ নিক্ষেপ কৰিলে আৰু সিহঁতে ক’লে, ‘ফিৰআউনৰ মৰ্যাদাৰ শপত! নিশ্চয় আমিয়েই বিজয়ী হম’।

26:45

فَأَلۡقَىٰ مُوسَىٰ عَصَاهُ فَإِذَا هِيَ تَلۡقَفُ مَا يَأۡفِكُونَ ﴿45﴾

Transliteration: Faalqa moosa AAasahu faitha hiya talqafu ma yafikoona

Translation: তাৰ পিছত মুছাই তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে, ফলত তৎক্ষণাত ই সিহঁতৰ মিছা কীৰ্তিসমূহ গ্ৰাস কৰিবলৈ ধৰিলে।

26:46

فَأُلۡقِيَ ٱلسَّحَرَةُ سَٰجِدِينَ ﴿46﴾

Transliteration: Faolqiya alssaharatu sajideena

Translation: তেতিয়া যাদুকৰসকল ছাজদাৱনত হৈ পৰিল।

26:47

قَالُوٓاْ ءَامَنَّا بِرَبِّ ٱلۡعَٰلَمِينَ ﴿47﴾

Transliteration: Qaloo amanna birabbi alAAalameena

Translation: তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি,

26:48

رَبِّ مُوسَىٰ وَهَٰرُونَ ﴿48﴾

Transliteration: Rabbi moosa waharoona

Translation: ‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।

26:49

قَالَ ءَامَنتُمۡ لَهُۥ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِي عَلَّمَكُمُ ٱلسِّحۡرَ فَلَسَوۡفَ تَعۡلَمُونَۚ لَأُقَطِّعَنَّ أَيۡدِيَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَٰفٖ وَلَأُصَلِّبَنَّكُمۡ أَجۡمَعِينَ ﴿49﴾

Transliteration: Qala amantum lahu qabla an athana lakum innahu lakabeerukumu allathee AAallamakumu alssihra falasawfa taAAlamoona laoqattiAAanna aydiyakum waarjulakum min khilafin walaosallibannakum ajmaAAeena

Translation: ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।

26:50

قَالُواْ لَا ضَيۡرَۖ إِنَّآ إِلَىٰ رَبِّنَا مُنقَلِبُونَ ﴿50﴾

Transliteration: Qaloo la dayra inna ila rabbina munqaliboona

Translation: তেওঁলোকে ক’লে, ‘কোনো অসুবিধা নাই, নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ফালেই উভতি যাম।

26:51

إِنَّا نَطۡمَعُ أَن يَغۡفِرَ لَنَا رَبُّنَا خَطَٰيَٰنَآ أَن كُنَّآ أَوَّلَ ٱلۡمُؤۡمِنِينَ ﴿51﴾

Transliteration: Inna natmaAAu an yaghfira lana rabbuna khatayana an kunna awwala almumineena

Translation: নিশ্চয় আমি আশা পোষণ কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিব, কাৰণ আমিয়ে মুমিনসকলৰ মাজত প্ৰথম।

26:52

وَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنۡ أَسۡرِ بِعِبَادِيٓ إِنَّكُم مُّتَّبَعُونَ ﴿52﴾

Transliteration: Waawhayna ila moosa an asri biAAibadee innakum muttabaAAoona

Translation: আৰু আমি মুছাৰ প্ৰতি এই মৰ্মে অহী কৰিছিলোঁ যে, ‘আমাৰ বান্দাসকলক লৈ ৰাতিৰ ভিতৰতে ওলাই যোৱা, নিশ্চয় তোমালোকক পিছে পিছে খেদি যোৱা হ’ব’।

26:53

فَأَرۡسَلَ فِرۡعَوۡنُ فِي ٱلۡمَدَآئِنِ حَٰشِرِينَ ﴿53﴾

Transliteration: Faarsala firAAawnu fee almadaini hashireena

Translation: তাৰ পিছত ফিৰআউনে চহৰে চহৰে লোক সংগ্ৰহকাৰী প্ৰেৰণ কৰিলে,

26:54

إِنَّ هَـٰٓؤُلَآءِ لَشِرۡذِمَةٞ قَلِيلُونَ ﴿54﴾

Transliteration: Inna haolai lashirthimatun qaleeloona

Translation: ‘নিশ্চয় ইহঁত ক্ষুদ্ৰ এটা দল,

26:55

وَإِنَّهُمۡ لَنَا لَغَآئِظُونَ ﴿55﴾

Transliteration: Wainnahum lana laghaithoona

Translation: ‘আৰু নিশ্চয় সিহঁতে আমাৰ ক্ৰোধ উদ্ৰেক কৰিছে,

26:56

وَإِنَّا لَجَمِيعٌ حَٰذِرُونَ ﴿56﴾

Transliteration: Wainna lajameeAAun hathiroona

Translation: ‘আৰু নিশ্চয় আমি সকলো সদায় সতৰ্ক’।

26:57

فَأَخۡرَجۡنَٰهُم مِّن جَنَّـٰتٖ وَعُيُونٖ ﴿57﴾

Transliteration: Faakhrajnahum min jannatin waAAuyoonin

Translation: পৰিণামত আমি ফিৰআউন গোষ্ঠীক সিহঁতৰ উদ্যানসমূহ আৰু প্ৰস্ৰৱনৰ পৰা বহিষ্কাৰ কৰিলোঁ,

26:58

وَكُنُوزٖ وَمَقَامٖ كَرِيمٖ ﴿58﴾

Transliteration: Wakunoozin wamaqamin kareemin

Translation: লগতে ধন-ভাণ্ডাৰ আৰু মনোৰম সৌধমালাৰ পৰাও।

26:59

كَذَٰلِكَۖ وَأَوۡرَثۡنَٰهَا بَنِيٓ إِسۡرَـٰٓءِيلَ ﴿59﴾

Transliteration: Kathalika waawrathnaha banee israeela

Translation: এইদৰেই হৈছিল আৰু আমি বনী ইছৰাঈলক কৰিছিলোঁ এইবোৰৰ অধিকাৰী।

26:60

فَأَتۡبَعُوهُم مُّشۡرِقِينَ ﴿60﴾

Transliteration: FaatbaAAoohum mushriqeena

Translation: তাৰ পিছত সিহঁতে সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত তেওঁলোকৰ পিছ ল’লে।

26:61

فَلَمَّا تَرَـٰٓءَا ٱلۡجَمۡعَانِ قَالَ أَصۡحَٰبُ مُوسَىٰٓ إِنَّا لَمُدۡرَكُونَ ﴿61﴾

Transliteration: Falamma taraa aljamAAani qala ashabu moosa inna lamudrakoona

Translation: এতেকে যেতিয়া দুয়ো দলে পৰস্পৰক দেখিলে, তেতিয়া মুছাৰ সঙ্গীসকলে ক’লে, ‘নিশ্চয় আমি ধৰা পৰিলোঁ!’

26:62

قَالَ كَلَّآۖ إِنَّ مَعِيَ رَبِّي سَيَهۡدِينِ ﴿62﴾

Transliteration: Qala kalla inna maAAiya rabbee sayahdeeni

Translation: মুছাই ক’লে, ‘কেতিয়াও নহয়, মোৰ লগত মোৰ প্ৰতিপালক আছে; অনতিপলমে তেওঁ মোক পথনিৰ্দেশ কৰিব’।

26:63

فَأَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنِ ٱضۡرِب بِّعَصَاكَ ٱلۡبَحۡرَۖ فَٱنفَلَقَ فَكَانَ كُلُّ فِرۡقٖ كَٱلطَّوۡدِ ٱلۡعَظِيمِ ﴿63﴾

Transliteration: Faawhayna ila moosa ani idrib biAAasaka albahra fainfalaqa fakana kullu firqin kaalttawdi alAAatheemi

Translation: তাৰ পিছত আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তোমাৰ লাখুটিৰে সাগৰত আঘাত কৰা’। ফলত সাগৰ বিভক্ত হৈ প্ৰত্যেক ভাগ বিশাল পৰ্বতৰ দৰে হৈ গ’ল;

26:64

وَأَزۡلَفۡنَا ثَمَّ ٱلۡأٓخَرِينَ ﴿64﴾

Transliteration: Waazlafna thamma alakhareena

Translation: আৰু আমি আন দলটোকো সেই ঠাইৰ নিকটৱৰ্তী কৰিলোঁ,

26:65

وَأَنجَيۡنَا مُوسَىٰ وَمَن مَّعَهُۥٓ أَجۡمَعِينَ ﴿65﴾

Transliteration: Waanjayna moosa waman maAAahu ajmaAAeena

Translation: আৰু আমি উদ্ধাৰ কৰিলোঁ মুছা আৰু তেওঁৰ সঙ্গীসকল,

26:66

ثُمَّ أَغۡرَقۡنَا ٱلۡأٓخَرِينَ ﴿66﴾

Transliteration: Thumma aghraqna alakhareena

Translation: তাৰ পিছত ডুবাই মাৰিলোঁ আনটো দলক।

26:67

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿67﴾

Transliteration: Inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:68

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿68﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:69

وَٱتۡلُ عَلَيۡهِمۡ نَبَأَ إِبۡرَٰهِيمَ ﴿69﴾

Transliteration: Waotlu AAalayhim nabaa ibraheema

Translation: আৰু তুমি সিহঁতৰ ওচৰত ইব্ৰাহীমৰ বৃত্তান্ত বৰ্ণনা কৰা।

26:70

إِذۡ قَالَ لِأَبِيهِ وَقَوۡمِهِۦ مَا تَعۡبُدُونَ ﴿70﴾

Transliteration: Ith qala liabeehi waqawmihi ma taAAbudoona

Translation: যেতিয়া তেওঁ তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে কিহৰ ইবাদত কৰা’?

26:71

قَالُواْ نَعۡبُدُ أَصۡنَامٗا فَنَظَلُّ لَهَا عَٰكِفِينَ ﴿71﴾

Transliteration: Qaloo naAAbudu asnaman fanathallu laha AAakifeena

Translation: সিহঁতে ক’লে, ‘আমি মূৰ্তি পূজা কৰোঁ; এতেকে আমি নিষ্ঠাৰ সৈতে সেইটোকে ধৰি থাকিম’।

26:72

قَالَ هَلۡ يَسۡمَعُونَكُمۡ إِذۡ تَدۡعُونَ ﴿72﴾

Transliteration: Qala hal yasmaAAoonakum ith tadAAoona

Translation: তেওঁ ক’লে, ‘তোমালোকে যেতিয়া আহ্বান কৰা তেতিয়া সেইবোৰে তোমালোকৰ আহ্বান শুনা পায়নে?

26:73

أَوۡ يَنفَعُونَكُمۡ أَوۡ يَضُرُّونَ ﴿73﴾

Transliteration: Aw yanfaAAoonakum aw yadurroona

Translation: ‘অথবা সিহঁতে তোমালোকৰ উপকাৰ নাইবা ক্ষতি কৰিব পাৰে নেকি’?

26:74

قَالُواْ بَلۡ وَجَدۡنَآ ءَابَآءَنَا كَذَٰلِكَ يَفۡعَلُونَ ﴿74﴾

Transliteration: Qaloo bal wajadna abaana kathalika yafAAaloona

Translation: সিহঁতে ক’লে, ‘বৰং আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ, তেওঁলোকে এনেকুৱাই কৰিছিল’।

26:75

قَالَ أَفَرَءَيۡتُم مَّا كُنتُمۡ تَعۡبُدُونَ ﴿75﴾

Transliteration: Qala afaraaytum ma kuntum taAAbudoona

Translation: ইব্ৰাহীমে ক’লে, ‘তোমালোকে ভাবি চাইছানে, যিসকলৰ ইবাদত তোমালোকে কৰা,

26:76

أَنتُمۡ وَءَابَآؤُكُمُ ٱلۡأَقۡدَمُونَ ﴿76﴾

Transliteration: Antum waabaokumu alaqdamoona

Translation: ‘তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল!

26:77

فَإِنَّهُمۡ عَدُوّٞ لِّيٓ إِلَّا رَبَّ ٱلۡعَٰلَمِينَ ﴿77﴾

Transliteration: Fainnahum AAaduwwun lee illa rabba alAAalameena

Translation: ‘আটায়ে মোৰ শত্ৰু, কেৱল বিশ্বজগতৰ ৰব্ব (আল্লাহ)ৰ বাহিৰে।

26:78

ٱلَّذِي خَلَقَنِي فَهُوَ يَهۡدِينِ ﴿78﴾

Transliteration: Allathee khalaqanee fahuwa yahdeeni

Translation: ‘যিজনে মোক সৃষ্টি কৰিছে, তাৰ পিছত তেৱেঁই মোক হিদায়ত দিছে।

26:79

وَٱلَّذِي هُوَ يُطۡعِمُنِي وَيَسۡقِينِ ﴿79﴾

Transliteration: Waallathee huwa yutAAimunee wayasqeeni

Translation: ‘তেৱেঁই মোক আহাৰ কৰায় আৰু তেৱেঁই মোক পান কৰায়।

26:80

وَإِذَا مَرِضۡتُ فَهُوَ يَشۡفِينِ ﴿80﴾

Transliteration: Waitha maridtu fahuwa yashfeeni

Translation: ‘আৰু যেতিয়া মই অসুস্থ হওঁ, তেতিয়া তেৱেঁই মোক আৰোগ্য কৰে।

26:81

وَٱلَّذِي يُمِيتُنِي ثُمَّ يُحۡيِينِ ﴿81﴾

Transliteration: Waallathee yumeetunee thumma yuhyeeni

Translation: ‘তেৱেঁই মোৰ মৃত্যু ঘটাব আৰু তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।

26:82

وَٱلَّذِيٓ أَطۡمَعُ أَن يَغۡفِرَ لِي خَطِيٓـَٔتِي يَوۡمَ ٱلدِّينِ ﴿82﴾

Transliteration: Waallathee atmaAAu an yaghfira lee khateeatee yawma alddeeni

Translation: ‘আৰু তেওঁৰ ওচৰতেই মোৰ আশা যে, তেওঁ মোক কিয়ামতৰ দিনা মোৰ অপৰাধসমূহ ক্ষমা কৰি দিব।

26:83

رَبِّ هَبۡ لِي حُكۡمٗا وَأَلۡحِقۡنِي بِٱلصَّـٰلِحِينَ ﴿83﴾

Transliteration: Rabbi hab lee hukman waalhiqnee bialssaliheena

Translation: ‘হে মোৰ ৰব্ব! মোক হিকমত দান কৰা আৰু সৎকৰ্মশীলসকলৰ অন্তৰ্ভুক্ত কৰা।

26:84

وَٱجۡعَل لِّي لِسَانَ صِدۡقٖ فِي ٱلۡأٓخِرِينَ ﴿84﴾

Transliteration: WaijAAal lee lisana sidqin fee alakhireena

Translation: ‘আৰু পৰৱৰ্তীসকলৰ মাজত মোৰ সুনাম-সুখ্যাতি অব্যাহত ৰাখা,

26:85

وَٱجۡعَلۡنِي مِن وَرَثَةِ جَنَّةِ ٱلنَّعِيمِ ﴿85﴾

Transliteration: WaijAAalnee min warathati jannati alnnaAAeemi

Translation: ‘আৰু মোক সূখময় জান্নাতৰ অধিকাৰীসকলৰ অন্তৰ্ভুক্ত কৰা,

26:86

وَٱغۡفِرۡ لِأَبِيٓ إِنَّهُۥ كَانَ مِنَ ٱلضَّآلِّينَ ﴿86﴾

Transliteration: Waighfir liabee innahu kana mina alddalleena

Translation: ‘আৰু মোৰ পিতৃক ক্ষমা কৰা, নিশ্চয় তেওঁ পথভ্ৰষ্টবিলাকৰ অন্তৰ্ভুক্ত আছিল।

26:87

وَلَا تُخۡزِنِي يَوۡمَ يُبۡعَثُونَ ﴿87﴾

Transliteration: Wala tukhzinee yawma yubAAathoona

Translation: ‘আৰু (হে মোৰ ৰব্ব!) পুনৰুত্থানৰ দিনা মোক লাঞ্ছিত নকৰিবা।

26:88

يَوۡمَ لَا يَنفَعُ مَالٞ وَلَا بَنُونَ ﴿88﴾

Transliteration: Yawma la yanfaAAu malun wala banoona

Translation: ‘যিদিনা ধন-সম্পদ আৰু সন্তান-সন্ততি কোনো কামত নাহিব;

26:89

إِلَّا مَنۡ أَتَى ٱللَّهَ بِقَلۡبٖ سَلِيمٖ ﴿89﴾

Transliteration: Illa man ata Allaha biqalbin saleemin

Translation: ‘সেইদিনা উপকৃত হ’ব কেৱল সেই ব্যক্তি, যিজনে লৈ আহিব আল্লাহৰ ওচৰত বিশুদ্ধ অন্তঃকৰণ’।

26:90

وَأُزۡلِفَتِ ٱلۡجَنَّةُ لِلۡمُتَّقِينَ ﴿90﴾

Transliteration: Waozlifati aljannatu lilmuttaqeena

Translation: আৰু (সেইদিনা) মুত্তাক্বীসকলৰ বাবে নিকটৱৰ্তী কৰা হ’ব জান্নাত,

26:91

وَبُرِّزَتِ ٱلۡجَحِيمُ لِلۡغَاوِينَ ﴿91﴾

Transliteration: Waburrizati aljaheemu lilghaweena

Translation: আৰু পথভ্ৰষ্টসকলৰ বাবে উন্মোচিত কৰা হ’ব জাহান্নাম;

26:92

وَقِيلَ لَهُمۡ أَيۡنَ مَا كُنتُمۡ تَعۡبُدُونَ ﴿92﴾

Transliteration: Waqeela lahum ayna ma kuntum taAAbudoona

Translation: সিহঁতক কোৱা হ’ব, ‘তোমালোকৰ সেইবোৰ উপাস্য ক’ত, যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা--

26:93

مِن دُونِ ٱللَّهِ هَلۡ يَنصُرُونَكُمۡ أَوۡ يَنتَصِرُونَ ﴿93﴾

Transliteration: Min dooni Allahi hal yansuroonakum aw yantasiroona

Translation: আল্লাহৰ পৰিবৰ্তে? সিহঁতে তোমালোকক সহায় কৰিব পাৰেনে অথবা সিহঁতে আত্মৰক্ষা কৰিবলৈ সক্ষম নে?

26:94

فَكُبۡكِبُواْ فِيهَا هُمۡ وَٱلۡغَاوُۥنَ ﴿94﴾

Transliteration: Fakubkiboo feeha hum waalghawoona

Translation: তাৰ পিছত সেই উপাস্যবোৰক আৰু পথভ্ৰষ্টবিলাকক তলমূৰ কৰি জাহান্নামত নিক্ষেপ কৰা হ’ব,

26:95

وَجُنُودُ إِبۡلِيسَ أَجۡمَعُونَ ﴿95﴾

Transliteration: Wajunoodu ibleesa ajmaAAoona

Translation: লগতে ইবলীছৰ সৈন্যবাহিনীবিলাককো।

26:96

قَالُواْ وَهُمۡ فِيهَا يَخۡتَصِمُونَ ﴿96﴾

Transliteration: Qaloo wahum feeha yakhtasimoona

Translation: সিহঁতে তাত বিতৰ্কত লিপ্ত হৈ ক’ব,

26:97

تَٱللَّهِ إِن كُنَّا لَفِي ضَلَٰلٖ مُّبِينٍ ﴿97﴾

Transliteration: TaAllahi in kunna lafee dalalin mubeenin

Translation: ‘আল্লাহৰ শপত! নিশ্চয় আমি স্পষ্ট পথভ্ৰষ্টতাত আছিলোঁ,

26:98

إِذۡ نُسَوِّيكُم بِرَبِّ ٱلۡعَٰلَمِينَ ﴿98﴾

Transliteration: Ith nusawweekum birabbi alAAalameena

Translation: ‘যেতিয়া আমি তোমালোকক সৃষ্টিজগতৰ প্ৰতিপালকৰ সমকক্ষ বুলি গণ্য কৰিছিলোঁ;

26:99

وَمَآ أَضَلَّنَآ إِلَّا ٱلۡمُجۡرِمُونَ ﴿99﴾

Transliteration: Wama adallana illa almujrimoona

Translation: ‘আৰু আমাক কেৱল অপৰাধীবিলাকেই পথভ্ৰষ্ট কৰিছিল,

26:100

فَمَا لَنَا مِن شَٰفِعِينَ ﴿100﴾

Transliteration: Fama lana min shafiAAeena

Translation: ‘এতেকে আমাৰ কোনো ছুপাৰিছকাৰী নাই’।

26:101

وَلَا صَدِيقٍ حَمِيمٖ ﴿101﴾

Transliteration: Wala sadeeqin hameemin

Translation: ‘আৰু কোনো অন্তৰঙ্গ বন্ধুও নাই।

26:102

فَلَوۡ أَنَّ لَنَا كَرَّةٗ فَنَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ ﴿102﴾

Transliteration: Falaw anna lana karratan fanakoona mina almumineena

Translation: ‘হায়, যদি আমি আকৌ এবাৰ উভতি যোৱাৰ সুযোগ পালোহেঁতেন, তেন্তে আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন!’

26:103

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿103﴾

Transliteration: Inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:104

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿104﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:105

كَذَّبَتۡ قَوۡمُ نُوحٍ ٱلۡمُرۡسَلِينَ ﴿105﴾

Transliteration: Kaththabat qawmu noohin almursaleena

Translation: নূহ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল।

26:106

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ نُوحٌ أَلَا تَتَّقُونَ ﴿106﴾

Transliteration: Ith qala lahum akhoohum noohun ala tattaqoona

Translation: যেতিয়া সিহঁতৰ ভাতৃ নূহে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

26:107

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ﴿107﴾

Transliteration: Innee lakum rasoolun ameenun

Translation: ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

26:108

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿108﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:109

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ﴿109﴾

Transliteration: Wama asalukum AAalayhi min ajrin in ajriya illa AAala rabbi alAAalameena

Translation: ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

26:110

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿110﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:111

قَالُوٓاْ أَنُؤۡمِنُ لَكَ وَٱتَّبَعَكَ ٱلۡأَرۡذَلُونَ ﴿111﴾

Transliteration: Qaloo anuminu laka waittabaAAaka alarthaloona

Translation: সিহঁতে ক’লে, ‘আমি তোমাৰ প্ৰতি ঈমান আনিম নেকি অথচ তোমাক কেৱল নিম্নশ্ৰেণীৰ মানুহেই অনুসৰণ কৰিছে’?

26:112

قَالَ وَمَا عِلۡمِي بِمَا كَانُواْ يَعۡمَلُونَ ﴿112﴾

Transliteration: Qala wama AAilmee bima kanoo yaAAmaloona

Translation: নূহে ক’লে, ‘সিহঁতে কি কৰে সেয়া জনা মোৰ কি প্ৰয়োজন?

26:113

إِنۡ حِسَابُهُمۡ إِلَّا عَلَىٰ رَبِّيۖ لَوۡ تَشۡعُرُونَ ﴿113﴾

Transliteration: In hisabuhum illa AAala rabbee law tashAAuroona

Translation: ‘সিহঁতৰ হিচাপ লোৱা কেৱল মোৰ প্ৰতিপালকৰহে কাম; যদি তোমালোকে বুজি পালাহেঁতেন!

26:114

وَمَآ أَنَا۠ بِطَارِدِ ٱلۡمُؤۡمِنِينَ ﴿114﴾

Transliteration: Wama ana bitaridi almumineena

Translation: ‘আৰু মুমিনসকলক খেদি পঠিওৱা মোৰ কাম নহয়।

26:115

إِنۡ أَنَا۠ إِلَّا نَذِيرٞ مُّبِينٞ ﴿115﴾

Transliteration: In ana illa natheerun mubeenun

Translation: ‘মইহে কেৱল এজন স্পষ্ট সতৰ্ককাৰী’।

26:116

قَالُواْ لَئِن لَّمۡ تَنتَهِ يَٰنُوحُ لَتَكُونَنَّ مِنَ ٱلۡمَرۡجُومِينَ ﴿116﴾

Transliteration: Qaloo lain lam tantahi ya noohu latakoonanna mina almarjoomeena

Translation: সিহঁতে ক’লে, ‘হে নূহ! যদি তুমি বিৰত নোহোৱা তেন্তে অৱশ্যে তুমি শিল দলিয়াই মৃত্যুদণ্ড দিয়া লোকসকলৰ অন্তৰ্ভুক্ত হ’বা’।

26:117

قَالَ رَبِّ إِنَّ قَوۡمِي كَذَّبُونِ ﴿117﴾

Transliteration: Qala rabbi inna qawmee kaththabooni

Translation: নূহে (প্ৰাৰ্থনা কৰি) ক’লে, ‘হে মোৰ ৰব্ব! মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে’।

26:118

فَٱفۡتَحۡ بَيۡنِي وَبَيۡنَهُمۡ فَتۡحٗا وَنَجِّنِي وَمَن مَّعِيَ مِنَ ٱلۡمُؤۡمِنِينَ ﴿118﴾

Transliteration: Faiftah baynee wabaynahum fathan wanajjinee waman maAAiya mina almumineena

Translation: ‘সেয়ে তুমি মোৰ আৰু সিহঁতৰ মাজত স্পষ্ট মীমাংসা কৰি দিয়া, লগতে মোক আৰু মোৰ লগৰ মুমিনসকলক ৰক্ষা কৰা’।

26:119

فَأَنجَيۡنَٰهُ وَمَن مَّعَهُۥ فِي ٱلۡفُلۡكِ ٱلۡمَشۡحُونِ ﴿119﴾

Transliteration: Faanjaynahu waman maAAahu fee alfulki almashhooni

Translation: ফলত আমি তেওঁক আৰু তেওঁৰ লগত যিসকল আছিল সকলোকে বোজাই নাঁৱত আৰোহণ কৰাই ৰক্ষা কৰিলোঁ।

26:120

ثُمَّ أَغۡرَقۡنَا بَعۡدُ ٱلۡبَاقِينَ ﴿120﴾

Transliteration: Thumma aghraqna baAAdu albaqeena

Translation: তাৰ পিছত বাকী থকাসকলক ডুবাই মাৰিলোঁ।

26:121

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿121﴾

Transliteration: Inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:122

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿122﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:123

كَذَّبَتۡ عَادٌ ٱلۡمُرۡسَلِينَ ﴿123﴾

Transliteration: Kaththabat AAadun almursaleena

Translation: আদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

26:124

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ هُودٌ أَلَا تَتَّقُونَ ﴿124﴾

Transliteration: Ith qala lahum akhoohum hoodun ala tattaqoona

Translation: যেতিয়া সিহঁতৰ ভাতৃ হূদে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?

26:125

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ﴿125﴾

Transliteration: Innee lakum rasoolun ameenun

Translation: ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

26:126

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿126﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:127

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ﴿127﴾

Transliteration: Wama asalukum AAalayhi min ajrin in ajriya illa AAala rabbi alAAalameena

Translation: ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

26:128

أَتَبۡنُونَ بِكُلِّ رِيعٍ ءَايَةٗ تَعۡبَثُونَ ﴿128﴾

Transliteration: Atabnoona bikulli reeAAin ayatan taAAbathoona

Translation: ‘তোমালোকে কিয় প্ৰতিটো উচ্চ স্থানত অযথা সৌধ নিৰ্মাণ কৰা?

26:129

وَتَتَّخِذُونَ مَصَانِعَ لَعَلَّكُمۡ تَخۡلُدُونَ ﴿129﴾

Transliteration: Watattakhithoona masaniAAa laAAallakum takhludoona

Translation: ‘আৰু তোমালোকে এনেকৈ প্ৰাসাদসমূহ নিৰ্মাণ কৰি আছা, যেনিবা তোমালোক স্থায়ী।

26:130

وَإِذَا بَطَشۡتُم بَطَشۡتُمۡ جَبَّارِينَ ﴿130﴾

Transliteration: Waitha batashtum batashtum jabbareena

Translation: ‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।

26:131

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿131﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:132

وَٱتَّقُواْ ٱلَّذِيٓ أَمَدَّكُم بِمَا تَعۡلَمُونَ ﴿132﴾

Transliteration: Waittaqoo allathee amaddakum bima taAAlamoona

Translation: ‘আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা সেই সত্তাৰ যিজনে তোমালোকক দান কৰিছে সেই সকলো বিষয়, যিবোৰ তোমালোকে জানা।

26:133

أَمَدَّكُم بِأَنۡعَٰمٖ وَبَنِينَ ﴿133﴾

Transliteration: Amaddakum bianAAamin wabaneena

Translation: ‘তেৱেঁই তোমালোকক দান কৰিছে চতুষ্পদ জন্তু আৰু পুত্ৰ সন্তান,

26:134

وَجَنَّـٰتٖ وَعُيُونٍ ﴿134﴾

Transliteration: Wajannatin waAAuyoonin

Translation: ‘উদ্যান আৰু ঝৰ্ণাসমূহ,

26:135

إِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٍ عَظِيمٖ ﴿135﴾

Transliteration: Innee akhafu AAalaykum AAathaba yawmin AAatheemin

Translation: ‘নিশ্চয় মই তোমালোকৰ বাবে এটা মহা দিৱসৰ শাস্তিৰ ভয় কৰোঁ’।

26:136

قَالُواْ سَوَآءٌ عَلَيۡنَآ أَوَعَظۡتَ أَمۡ لَمۡ تَكُن مِّنَ ٱلۡوَٰعِظِينَ ﴿136﴾

Transliteration: Qaloo sawaon AAalayna awaAAathta am lam takun mina alwaAAitheena

Translation: সিহঁতে ক’লে, ‘তুমি আমাক উপদেশ দিয়া বা নিদিয়া, উভয়ে আমাৰ বাবে সমান।

26:137

إِنۡ هَٰذَآ إِلَّا خُلُقُ ٱلۡأَوَّلِينَ ﴿137﴾

Transliteration: In hatha illa khuluqu alawwaleena

Translation: ‘এয়া পূৰ্বৱৰ্তীসকলৰহে স্বভাৱ।

26:138

وَمَا نَحۡنُ بِمُعَذَّبِينَ ﴿138﴾

Transliteration: Wama nahnu bimuAAaththabeena

Translation: ‘আমি কেতিয়াও শাস্তিপ্ৰাপ্ত নহওঁ’।

26:139

فَكَذَّبُوهُ فَأَهۡلَكۡنَٰهُمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿139﴾

Transliteration: Fakaththaboohu faahlaknahum inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক ধ্বংস কৰিলোঁ। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:140

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿140﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:141

كَذَّبَتۡ ثَمُودُ ٱلۡمُرۡسَلِينَ ﴿141﴾

Transliteration: Kaththabat thamoodu almursaleena

Translation: ছামূদ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

26:142

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ صَٰلِحٌ أَلَا تَتَّقُونَ ﴿142﴾

Transliteration: Ith qala lahum akhoohum salihun ala tattaqoona

Translation: যেতিয়া সিহঁতৰ ভাতৃ ছলেহে সিহঁতক কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন নকৰিবানে?

26:143

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ﴿143﴾

Transliteration: Innee lakum rasoolun ameenun

Translation: ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

26:144

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿144﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:145

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ﴿145﴾

Transliteration: Wama asalukum AAalayhi min ajrin in ajriya illa AAala rabbi alAAalameena

Translation: ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

26:146

أَتُتۡرَكُونَ فِي مَا هَٰهُنَآ ءَامِنِينَ ﴿146﴾

Transliteration: Atutrakoona fee ma hahuna amineena

Translation: ‘ইয়াত যি আছে তাত তোমালোকক নিৰাপদে এৰি দিয়া হ’বনে?

26:147

فِي جَنَّـٰتٖ وَعُيُونٖ ﴿147﴾

Transliteration: Fee jannatin waAAuyoonin

Translation: ‘উদ্যান আৰু ঝৰ্ণাসমূহত,

26:148

وَزُرُوعٖ وَنَخۡلٖ طَلۡعُهَا هَضِيمٞ ﴿148﴾

Transliteration: WazurooAAin wanakhlin talAAuha hadeemun

Translation: ‘শস্যক্ষেত্ৰত আৰু সুকোমল জোকা বিশিষ্ট খেজুৰ বাগানত?

26:149

وَتَنۡحِتُونَ مِنَ ٱلۡجِبَالِ بُيُوتٗا فَٰرِهِينَ ﴿149﴾

Transliteration: Watanhitoona mina aljibali buyootan fariheena

Translation: ‘আৰু তোমালোকে নিপুণতাৰ সৈতে পাহাৰ কাটি যিবোৰ গৃহ নিৰ্মাণ কৰিছা।

26:150

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿150﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:151

وَلَا تُطِيعُوٓاْ أَمۡرَ ٱلۡمُسۡرِفِينَ ﴿151﴾

Transliteration: Wala tuteeAAoo amra almusrifeena

Translation: ‘আৰু তোমালোকে সীমালংঘনকাৰীসকলৰ নিৰ্দেশৰ আনুগত্য নকৰিবা,

26:152

ٱلَّذِينَ يُفۡسِدُونَ فِي ٱلۡأَرۡضِ وَلَا يُصۡلِحُونَ ﴿152﴾

Transliteration: Allatheena yufsidoona fee alardi wala yuslihoona

Translation: ‘যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে আৰু সংশোধন (তথা শান্তি স্থাপন) নকৰে’।

26:153

قَالُوٓاْ إِنَّمَآ أَنتَ مِنَ ٱلۡمُسَحَّرِينَ ﴿153﴾

Transliteration: Qaloo innama anta mina almusahhareena

Translation: সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকাৰীবিলাকৰ অন্যতম।

26:154

مَآ أَنتَ إِلَّا بَشَرٞ مِّثۡلُنَا فَأۡتِ بِـَٔايَةٍ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ ﴿154﴾

Transliteration: Ma anta illa basharun mithluna fati biayatin in kunta mina alssadiqeena

Translation: ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, সেয়ে তুমি যদি সত্যবাদী হোৱা তেন্তে এটা নিদৰ্শন লৈ আহা’।

26:155

قَالَ هَٰذِهِۦ نَاقَةٞ لَّهَا شِرۡبٞ وَلَكُمۡ شِرۡبُ يَوۡمٖ مَّعۡلُومٖ ﴿155﴾

Transliteration: Qala hathihi naqatun laha shirbun walakum shirbu yawmin maAAloomin

Translation: তেওঁ ক’লে, ‘এইজনী হৈছে (নিদৰ্শনীয়) উট, ইয়াৰ বাবে আছে পানী খোৱাৰ পাল, আৰু তোমালোকৰ বাবেও আছে এটা নিৰ্ধাৰিত দিনত পানী খোৱাৰ পাল।

26:156

وَلَا تَمَسُّوهَا بِسُوٓءٖ فَيَأۡخُذَكُمۡ عَذَابُ يَوۡمٍ عَظِيمٖ ﴿156﴾

Transliteration: Wala tamassooha bisooin fayakhuthakum AAathabu yawmin AAatheemin

Translation: ‘আৰু তোমালোকে ইয়াৰ কোনো অনিষ্ট সাধন নকৰিবা, যদি (অনিষ্ট সাধন) কৰা তেন্তে মহা দিৱসৰ শাস্তি তোমালোকৰ ওপৰত আপতিত হ’ব’।

26:157

فَعَقَرُوهَا فَأَصۡبَحُواْ نَٰدِمِينَ ﴿157﴾

Transliteration: FaAAaqarooha faasbahoo nadimeena

Translation: তথাপিও সিহঁতে সেই উটজনীক বধ কৰিলে, পৰিণামত সিহঁত অনুতপ্ত হ’ল।

26:158

فَأَخَذَهُمُ ٱلۡعَذَابُۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿158﴾

Transliteration: Faakhathahumu alAAathabu inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: এতেকে শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:159

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿159﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:160

كَذَّبَتۡ قَوۡمُ لُوطٍ ٱلۡمُرۡسَلِينَ ﴿160﴾

Transliteration: Kaththabat qawmu lootin almursaleena

Translation: লূতৰ সম্প্ৰদায়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

26:161

إِذۡ قَالَ لَهُمۡ أَخُوهُمۡ لُوطٌ أَلَا تَتَّقُونَ ﴿161﴾

Transliteration: Ith qala lahum akhoohum lootun ala tattaqoona

Translation: যেতিয়া সিহঁতৰ ভাতৃ লূতে কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে?

26:162

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ﴿162﴾

Transliteration: Innee lakum rasoolun ameenun

Translation: ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

26:163

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿163﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:164

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ﴿164﴾

Transliteration: Wama asalukum AAalayhi min ajrin in ajriya illa AAala rabbi alAAalameena

Translation: ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

26:165

أَتَأۡتُونَ ٱلذُّكۡرَانَ مِنَ ٱلۡعَٰلَمِينَ ﴿165﴾

Transliteration: Atatoona alththukrana mina alAAalameena

Translation: ‘সৃষ্টিজগতৰ মাজত তোমালোকে কেৱল পুৰুষসকলৰ ওচৰতেই উপগত হোৱা?

26:166

وَتَذَرُونَ مَا خَلَقَ لَكُمۡ رَبُّكُم مِّنۡ أَزۡوَٰجِكُمۚ بَلۡ أَنتُمۡ قَوۡمٌ عَادُونَ ﴿166﴾

Transliteration: Watatharoona ma khalaqa lakum rabbukum min azwajikum bal antum qawmun AAadoona

Translation: ‘আৰু তোমালোকৰ প্ৰতিপালকে তোমালোকৰ বাবে যে স্ত্ৰীসকলক সৃষ্টি কৰিছে সিহঁতক তোমালোকে বৰ্জন কৰি থাকা? বৰং তোমালোক হৈছা এটা সীমালংঘনকাৰী সম্প্ৰদায়’।

26:167

قَالُواْ لَئِن لَّمۡ تَنتَهِ يَٰلُوطُ لَتَكُونَنَّ مِنَ ٱلۡمُخۡرَجِينَ ﴿167﴾

Transliteration: Qaloo lain lam tantahi ya lootu latakoonanna mina almukhrajeena

Translation: সিহঁতে ক’লে, ‘হে লূত! তুমি যদি বিৰত নোহোৱা, তেন্তে নিশ্চয় তুমি বহিষ্কাৰ হ’বা’।

26:168

قَالَ إِنِّي لِعَمَلِكُم مِّنَ ٱلۡقَالِينَ ﴿168﴾

Transliteration: Qala innee liAAamalikum mina alqaleena

Translation: তেওঁ ক’লে, ‘নিশ্চয় মই তোমালোকৰ কৰ্মক ঘৃণা কৰোঁ।

26:169

رَبِّ نَجِّنِي وَأَهۡلِي مِمَّا يَعۡمَلُونَ ﴿169﴾

Transliteration: Rabbi najjinee waahlee mimma yaAAmaloona

Translation: (তেওঁ প্ৰাৰ্থনা কৰি ক’লে,) ‘হে মোৰ ৰব্ব! মোক আৰু মোৰ পৰিয়ালক সিহঁতৰ এই কৰ্মৰ পৰা ৰক্ষা কৰা’।

26:170

فَنَجَّيۡنَٰهُ وَأَهۡلَهُۥٓ أَجۡمَعِينَ ﴿170﴾

Transliteration: Fanajjaynahu waahlahu ajmaAAeena

Translation: ফলত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।

26:171

إِلَّا عَجُوزٗا فِي ٱلۡغَٰبِرِينَ ﴿171﴾

Transliteration: Illa AAajoozan fee alghabireena

Translation: কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থাৱকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

26:172

ثُمَّ دَمَّرۡنَا ٱلۡأٓخَرِينَ ﴿172﴾

Transliteration: Thumma dammarna alakhareena

Translation: তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিলোঁ।

26:173

وَأَمۡطَرۡنَا عَلَيۡهِم مَّطَرٗاۖ فَسَآءَ مَطَرُ ٱلۡمُنذَرِينَ ﴿173﴾

Transliteration: Waamtarna AAalayhim mataran fasaa mataru almunthareena

Translation: আৰু আমি সিহঁতৰ ওপৰত শাস্তিমূলক শিলাবৃষ্টি বৰ্ষণ কৰিলোঁ। এতেকে ভীতি প্ৰদৰ্শিতসকলৰ বাবে এই বৃষ্টি কিমান যে নিকৃষ্ট আছিল!

26:174

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿174﴾

Transliteration: Inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:175

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿175﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:176

كَذَّبَ أَصۡحَٰبُ لۡـَٔيۡكَةِ ٱلۡمُرۡسَلِينَ ﴿176﴾

Transliteration: Kaththaba ashabu alaykati almursaleena

Translation: আইকাৰ অধিবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল,

26:177

إِذۡ قَالَ لَهُمۡ شُعَيۡبٌ أَلَا تَتَّقُونَ ﴿177﴾

Transliteration: Ith qala lahum shuAAaybun ala tattaqoona

Translation: যেতিয়া শ্বুআইবে সিহঁতক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

26:178

إِنِّي لَكُمۡ رَسُولٌ أَمِينٞ ﴿178﴾

Transliteration: Innee lakum rasoolun ameenun

Translation: ‘নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাছুল।

26:179

فَٱتَّقُواْ ٱللَّهَ وَأَطِيعُونِ ﴿179﴾

Transliteration: Faittaqoo Allaha waateeAAooni

Translation: ‘এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ অনুসৰণ কৰা।

26:180

وَمَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۖ إِنۡ أَجۡرِيَ إِلَّا عَلَىٰ رَبِّ ٱلۡعَٰلَمِينَ ﴿180﴾

Transliteration: Wama asalukum AAalayhi min ajrin in ajriya illa AAala rabbi alAAalameena

Translation: ‘আৰু মই তোমালোকৰ ওচৰত ইয়াৰ বাবে কোনো প্ৰতিদান নিবিচাৰোঁ; মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ ওচৰত।

26:181

أَوۡفُواْ ٱلۡكَيۡلَ وَلَا تَكُونُواْ مِنَ ٱلۡمُخۡسِرِينَ ﴿181﴾

Transliteration: Awfoo alkayla wala takoonoo mina almukhsireena

Translation: ‘তোমালোকে ওজন কৰোঁতে পৰিপূৰ্ণ ওজন কৰিবা, যিবিলাকে ওজনত কম দিয়ে তোমালোকে সিহঁতৰ অন্তৰ্ভুক্ত নহ’বা।

26:182

وَزِنُواْ بِٱلۡقِسۡطَاسِ ٱلۡمُسۡتَقِيمِ ﴿182﴾

Transliteration: Wazinoo bialqistasi almustaqeemi

Translation: ‘আৰু ওজন কৰিবা সঠিক তুলাচনীত।

26:183

وَلَا تَبۡخَسُواْ ٱلنَّاسَ أَشۡيَآءَهُمۡ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ ﴿183﴾

Transliteration: Wala tabkhasoo alnnasa ashyaahum wala taAAthaw fee alardi mufsideena

Translation: ‘আৰু মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।

26:184

وَٱتَّقُواْ ٱلَّذِي خَلَقَكُمۡ وَٱلۡجِبِلَّةَ ٱلۡأَوَّلِينَ ﴿184﴾

Transliteration: Waittaqoo allathee khalaqakum waaljibillata alawwaleena

Translation: ‘আৰু সেই সত্তাৰ তাক্বৱা অৱলম্বন কৰা যিজনে তোমালোকক আৰু তোমালোকৰ পূৰ্বৱৰ্তীসকলক সৃষ্টি কৰিছে’।

26:185

قَالُوٓاْ إِنَّمَآ أَنتَ مِنَ ٱلۡمُسَحَّرِينَ ﴿185﴾

Transliteration: Qaloo innama anta mina almusahhareena

Translation: সিহঁতে ক’লে, ‘তুমি হৈছা যাদুকৰসকলৰ অন্যতম।

26:186

وَمَآ أَنتَ إِلَّا بَشَرٞ مِّثۡلُنَا وَإِن نَّظُنُّكَ لَمِنَ ٱلۡكَٰذِبِينَ ﴿186﴾

Transliteration: Wama anta illa basharun mithluna wain nathunnuka lamina alkathibeena

Translation: ‘তুমি দেখোন আমাৰ দৰেই এজন মানুহ, আৰু আমি তোমাক মিছলীয়াবিলাকৰ অন্তৰ্ভুক্ত বুলি ভাৱোঁ।

26:187

فَأَسۡقِطۡ عَلَيۡنَا كِسَفٗا مِّنَ ٱلسَّمَآءِ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ ﴿187﴾

Transliteration: Faasqit AAalayna kisafan mina alssamai in kunta mina alssadiqeena

Translation: ‘এতেকে তুমি যদি সত্যবাদী হোৱা, তেন্তে আকাশৰ এটা টুকুৰা আমাৰ ওপৰত পেলাই দিয়া’।

26:188

قَالَ رَبِّيٓ أَعۡلَمُ بِمَا تَعۡمَلُونَ ﴿188﴾

Transliteration: Qala rabbee aAAlamu bima taAAmaloona

Translation: তেওঁ ক’লে, ‘মোৰ প্ৰতিপালকেই ভালদৰে জানে তোমালোকে যি কৰা’।

26:189

فَكَذَّبُوهُ فَأَخَذَهُمۡ عَذَابُ يَوۡمِ ٱلظُّلَّةِۚ إِنَّهُۥ كَانَ عَذَابَ يَوۡمٍ عَظِيمٍ ﴿189﴾

Transliteration: Fakaththaboohu faakhathahum AAathabu yawmi alththullati innahu kana AAathaba yawmin AAatheemin

Translation: এতেকে সিহঁতে তেওঁক অস্বীকাৰ কৰিলে। ফলত সিহঁতক মেঘাচ্ছন্ন দিনৰ শাস্তিয়ে গ্ৰাস কৰিলে। নিশ্চয় এয়া আছিল এটা ভীষণ দিনৰ শাস্তি।

26:190

إِنَّ فِي ذَٰلِكَ لَأٓيَةٗۖ وَمَا كَانَ أَكۡثَرُهُم مُّؤۡمِنِينَ ﴿190﴾

Transliteration: Inna fee thalika laayatan wama kana aktharuhum mumineena

Translation: নিশ্চয় ইয়াত আছে নিদৰ্শন, কিন্তু সিহঁতৰ সৰহভাগেই মুমিন নহয়।

26:191

وَإِنَّ رَبَّكَ لَهُوَ ٱلۡعَزِيزُ ٱلرَّحِيمُ ﴿191﴾

Transliteration: Wainna rabbaka lahuwa alAAazeezu alrraheemu

Translation: আৰু নিশ্চয় তোমাৰ ৰব্ব, তেৱেঁই মহা পৰাক্ৰমশালী, পৰম দয়ালু।

26:192

وَإِنَّهُۥ لَتَنزِيلُ رَبِّ ٱلۡعَٰلَمِينَ ﴿192﴾

Transliteration: Wainnahu latanzeelu rabbi alAAalameena

Translation: নিশ্চয় এইখন (কোৰআন) সৃষ্টিজগতৰ ৰব্ব (আল্লাহ)ৰ তৰফৰ পৰা অৱতীৰ্ণ।

26:193

نَزَلَ بِهِ ٱلرُّوحُ ٱلۡأَمِينُ ﴿193﴾

Transliteration: Nazala bihi alrroohu alameenu

Translation: বিশ্বস্ত ৰূহে (জীব্ৰীলে) সেয়া লৈ অৱতৰণ কৰিছে।

26:194

عَلَىٰ قَلۡبِكَ لِتَكُونَ مِنَ ٱلۡمُنذِرِينَ ﴿194﴾

Transliteration: AAala qalbika litakoona mina almunthireena

Translation: তোমাৰ হৃদয়ত, যাতে তুমি সতৰ্ককাৰী সকলৰ অন্তৰ্ভুক্ত হোৱা।

26:195

بِلِسَانٍ عَرَبِيّٖ مُّبِينٖ ﴿195﴾

Transliteration: Bilisanin AAarabiyyin mubeenin

Translation: সুস্পষ্ট আৰবী ভাষাত।

26:196

وَإِنَّهُۥ لَفِي زُبُرِ ٱلۡأَوَّلِينَ ﴿196﴾

Transliteration: Wainnahu lafee zuburi alawwaleena

Translation: আৰু নিশ্চয় পূৰ্বৱৰ্তী কিতাবসমূহত ইয়াৰ উল্লেখ আছে।

26:197

أَوَلَمۡ يَكُن لَّهُمۡ ءَايَةً أَن يَعۡلَمَهُۥ عُلَمَـٰٓؤُاْ بَنِيٓ إِسۡرَـٰٓءِيلَ ﴿197﴾

Transliteration: Awalam yakun lahum ayatan an yaAAlamahu AAulamao banee israeela

Translation: এইটো সিহঁতৰ বাবে এটা নিদৰ্শন নহয়নে বাৰু যে, বনী ইছৰাঈলৰ আলিমসকলে এই বিষয়ে জানে?

26:198

وَلَوۡ نَزَّلۡنَٰهُ عَلَىٰ بَعۡضِ ٱلۡأَعۡجَمِينَ ﴿198﴾

Transliteration: Walaw nazzalnahu AAala baAAdi alaAAjameena

Translation: আৰু যদি আমি ইয়াক কোনো অনাৰবৰ প্ৰতি অৱতীৰ্ণ কৰিলোহেঁতেন;

26:199

فَقَرَأَهُۥ عَلَيۡهِم مَّا كَانُواْ بِهِۦ مُؤۡمِنِينَ ﴿199﴾

Transliteration: Faqaraahu AAalayhim ma kanoo bihi mumineena

Translation: আৰু সেইখনক তেওঁ সিহঁতৰ ওচৰত পাঠ কৰিলে তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন।

26:200

كَذَٰلِكَ سَلَكۡنَٰهُ فِي قُلُوبِ ٱلۡمُجۡرِمِينَ ﴿200﴾

Transliteration: Kathalika salaknahu fee quloobi almujrimeena

Translation: এইদৰেই আমি বিষয়টো অপৰাধীসকলৰ অন্তৰত সঞ্চাৰ কৰিছোঁ।

26:201

لَا يُؤۡمِنُونَ بِهِۦ حَتَّىٰ يَرَوُاْ ٱلۡعَذَابَ ٱلۡأَلِيمَ ﴿201﴾

Transliteration: La yuminoona bihi hatta yarawoo alAAathaba alaleema

Translation: সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইয়াৰ ওপৰত ঈমান পোষণ নকৰিব।

26:202

فَيَأۡتِيَهُم بَغۡتَةٗ وَهُمۡ لَا يَشۡعُرُونَ ﴿202﴾

Transliteration: Fayatiyahum baghtatan wahum la yashAAuroona

Translation: এতেকে সেই (শাস্তি)টো সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰিব, অথচ সিহঁতে একোৱে উপলব্ধি কৰিব নোৱাৰিব।

26:203

فَيَقُولُواْ هَلۡ نَحۡنُ مُنظَرُونَ ﴿203﴾

Transliteration: Fayaqooloo hal nahnu muntharoona

Translation: তেতিয়া সিহঁতে ক’ব, ‘আমাক অলপ অৱকাশ দিয়া হ’বনে’?

26:204

أَفَبِعَذَابِنَا يَسۡتَعۡجِلُونَ ﴿204﴾

Transliteration: AfabiAAathabina yastaAAjiloona

Translation: তেন্তে সিহঁতে আমাৰ শাস্তি ত্বৰান্বিত কৰিব বিচাৰে নেকি?

26:205

أَفَرَءَيۡتَ إِن مَّتَّعۡنَٰهُمۡ سِنِينَ ﴿205﴾

Transliteration: Afaraayta in mattaAAnahum sineena

Translation: তুমি ভাবি চোৱাচোন! যদি আমি সিহঁতক দীৰ্ঘকাল ভোগ-বিলাস কৰিবলৈ দিওঁ,

26:206

ثُمَّ جَآءَهُم مَّا كَانُواْ يُوعَدُونَ ﴿206﴾

Transliteration: Thumma jaahum ma kanoo yooAAadoona

Translation: তাৰ পিছত সিহঁতক যি বিষয়ে সতৰ্ক কৰা হৈছিল সেয়া সিহঁতৰ ওচৰত আহি পৰে,

26:207

مَآ أَغۡنَىٰ عَنۡهُم مَّا كَانُواْ يُمَتَّعُونَ ﴿207﴾

Transliteration: Ma aghna AAanhum ma kanoo yumattaAAoona

Translation: সিহঁতক যি ভোগ-বিলাসৰ উপকৰণ হিচাপে দিয়া হৈছিল, সেইবোৰ তেতিয়া সিহঁতৰ কোনো উপকাৰত আহিবনে?

26:208

وَمَآ أَهۡلَكۡنَا مِن قَرۡيَةٍ إِلَّا لَهَا مُنذِرُونَ ﴿208﴾

Transliteration: Wama ahlakna min qaryatin illa laha munthiroona

Translation: আৰু আমি এনে কোনো জনপদ ধ্বংস কৰা নাই যাৰ বাবে কোনো সতৰ্ককাৰী নাছিল,

26:209

ذِكۡرَىٰ وَمَا كُنَّا ظَٰلِمِينَ ﴿209﴾

Transliteration: Thikra wama kunna thalimeena

Translation: (সিহঁতৰ বাবে) স্মৰণ হিচাপে; আৰু আমি অন্যায়কাৰী নহয়।

26:210

وَمَا تَنَزَّلَتۡ بِهِ ٱلشَّيَٰطِينُ ﴿210﴾

Transliteration: Wama tanazzalat bihi alshshayateenu

Translation: আৰু চয়তানবিলাকে এয়া লৈ অৱতৰণ কৰা নাই।

26:211

وَمَا يَنۢبَغِي لَهُمۡ وَمَا يَسۡتَطِيعُونَ ﴿211﴾

Transliteration: Wama yanbaghee lahum wama yastateeAAoona

Translation: আৰু সিহঁত এই কামৰ যোগ্যও নহয়, লগতে সিহঁতে এই কামৰ সামৰ্থও নাৰাখে।

26:212

إِنَّهُمۡ عَنِ ٱلسَّمۡعِ لَمَعۡزُولُونَ ﴿212﴾

Transliteration: Innahum AAani alssamAAi lamaAAzooloona

Translation: নিশ্চয় সিহঁতক শ্ৰৱণ কৰাৰ পৰাও আঁতৰত ৰখা হৈছে।

26:213

فَلَا تَدۡعُ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَتَكُونَ مِنَ ٱلۡمُعَذَّبِينَ ﴿213﴾

Transliteration: Fala tadAAu maAAa Allahi ilahan akhara fatakoona mina almuAAaththabeena

Translation: এতেকে তুমি আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰিবা, অন্যথা তুমি শাস্তিপ্ৰাপ্তবিলাকৰ অন্তৰ্ভুক্ত হ’বা।

26:214

وَأَنذِرۡ عَشِيرَتَكَ ٱلۡأَقۡرَبِينَ ﴿214﴾

Transliteration: Waanthir AAasheerataka alaqrabeena

Translation: আৰু তুমি তোমাৰ নিকটাত্মীয় সকলক সতৰ্ক কৰা।

26:215

وَٱخۡفِضۡ جَنَاحَكَ لِمَنِ ٱتَّبَعَكَ مِنَ ٱلۡمُؤۡمِنِينَ ﴿215﴾

Transliteration: Waikhfid janahaka limani ittabaAAaka mina almumineena

Translation: আৰু যিসকলে তোমাৰ অনুসৰণ কৰে, তেওঁলোকৰ প্ৰতি তোমাৰ বাহু অৱনত কৰা।

26:216

فَإِنۡ عَصَوۡكَ فَقُلۡ إِنِّي بَرِيٓءٞ مِّمَّا تَعۡمَلُونَ ﴿216﴾

Transliteration: Fain AAasawka faqul innee bareeon mimma taAAmaloona

Translation: এতেকে যদি সিহঁতে তোমাৰ অবাধ্য হয়, তেন্তে কোৱা, ‘তোমালোকে যি কৰা, নিশ্চয় মই তাৰ পৰা সম্পূৰ্ণ মুক্ত’।

26:217

وَتَوَكَّلۡ عَلَى ٱلۡعَزِيزِ ٱلرَّحِيمِ ﴿217﴾

Transliteration: Watawakkal AAala alAAazeezi alrraheemi

Translation: আৰু তুমি নিৰ্ভৰ কৰা পৰাক্ৰমশালী, পৰম দয়ালু (আল্লাহ)ৰ ওপৰত,

26:218

ٱلَّذِي يَرَىٰكَ حِينَ تَقُومُ ﴿218﴾

Transliteration: Allathee yaraka heena taqoomu

Translation: যিজনে তোমাক দেখে যেতিয়া তুমি (ছালাতৰ বাবে) থিয় হোৱা,

26:219

وَتَقَلُّبَكَ فِي ٱلسَّـٰجِدِينَ ﴿219﴾

Transliteration: Wataqallubaka fee alssajideena

Translation: আৰু (তেৱেঁই) ছাজদাকাৰীসকলৰ মাজত তোমাৰ গতিবিধি (লক্ষ্য কৰে)।

26:220

إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ ﴿220﴾

Transliteration: Innahu huwa alssameeAAu alAAaleemu

Translation: নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।

26:221

هَلۡ أُنَبِّئُكُمۡ عَلَىٰ مَن تَنَزَّلُ ٱلشَّيَٰطِينُ ﴿221﴾

Transliteration: Hal onabbiokum AAala man tanazzalu alshshayateenu

Translation: মই তোমালোকক সংবাদ দিমনে, কাৰ ওপৰত চয়তান অৱতীৰ্ণ হয়?

26:222

تَنَزَّلُ عَلَىٰ كُلِّ أَفَّاكٍ أَثِيمٖ ﴿222﴾

Transliteration: Tanazzalu AAala kulli affakin atheemin

Translation: সিহঁত অৱতীৰ্ণ হয় প্ৰত্যেক চৰম মিছলীয়া আৰু পাপীষ্ঠ ব্যক্তিৰ ওপৰত।

26:223

يُلۡقُونَ ٱلسَّمۡعَ وَأَكۡثَرُهُمۡ كَٰذِبُونَ ﴿223﴾

Transliteration: Yulqoona alssamAAa waaktharuhum kathiboona

Translation: সিহঁতে কাণ পাতি থাকে আৰু সিহঁতৰ অধিকাংশই মিছলীয়া।

26:224

وَٱلشُّعَرَآءُ يَتَّبِعُهُمُ ٱلۡغَاوُۥنَ ﴿224﴾

Transliteration: WaalshshuAAarao yattabiAAuhumu alghawoona

Translation: আৰু কবিসকল, সিহঁতৰ অনুসৰণ কেৱল বিভ্ৰান্তবিলাকেহে কৰে।

26:225

أَلَمۡ تَرَ أَنَّهُمۡ فِي كُلِّ وَادٖ يَهِيمُونَ ﴿225﴾

Transliteration: Alam tara annahum fee kulli wadin yaheemoona

Translation: তুমি লক্ষ্য কৰা নাইনে যে, সিহঁত উদ্ভ্ৰান্ত হৈ প্ৰত্যেক উপত্যকাত ঘূৰি ফুৰে?

26:226

وَأَنَّهُمۡ يَقُولُونَ مَا لَا يَفۡعَلُونَ ﴿226﴾

Transliteration: Waannahum yaqooloona ma la yafAAaloona

Translation: আৰু সিহঁতে এনেকুৱা কথা কয়, যিটো সিহঁতে (নিজেই) নকৰে।

26:227

إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ وَذَكَرُواْ ٱللَّهَ كَثِيرٗا وَٱنتَصَرُواْ مِنۢ بَعۡدِ مَا ظُلِمُواْۗ وَسَيَعۡلَمُ ٱلَّذِينَ ظَلَمُوٓاْ أَيَّ مُنقَلَبٖ يَنقَلِبُونَ ﴿227﴾

Transliteration: Illa allatheena amanoo waAAamiloo alssalihati wathakaroo Allaha katheeran waintasaroo min baAAdi ma thulimoo wasayaAAlamu allatheena thalamoo ayya munqalabin yanqaliboona

Translation: কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে ঈমান আনিছে, সৎকৰ্ম কৰিছে, আৰু আল্লাহক বেছি বেছি স্মৰণ কৰিছে আৰু অত্যাচাৰিত হোৱাৰ পিছত প্ৰতিশোধ গ্ৰহণ কৰিছে। আৰু যালিমসকলে অতিশীঘ্ৰেই জানিবলৈ পাব যে, কোন ধৰণৰ গন্তব্যস্থলত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download