quranm◉

পৃষ্ঠা 313

Range
from 20:13 to 20:37
Surahs covered
অনুবাদ
25 অনুবাদ

◉

20:13

وَأَنَا ٱخۡتَرۡتُكَ فَٱسۡتَمِعۡ لِمَا يُوحَىٰٓ ﴿13﴾

‘আৰু মই তোমাক মনোনীত কৰিছোঁ। সেয়ে যি অহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা।

20:14

إِنَّنِيٓ أَنَا ٱللَّهُ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدۡنِي وَأَقِمِ ٱلصَّلَوٰةَ لِذِكۡرِيٓ ﴿14﴾

‘নিশ্চয় ময়েই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে ছালাত কায়েম কৰা।

20:15

إِنَّ ٱلسَّاعَةَ ءَاتِيَةٌ أَكَادُ أُخۡفِيهَا لِتُجۡزَىٰ كُلُّ نَفۡسِۭ بِمَا تَسۡعَىٰ ﴿15﴾

‘নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ, যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা-সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়।

20:16

فَلَا يَصُدَّنَّكَ عَنۡهَا مَن لَّا يُؤۡمِنُ بِهَا وَٱتَّبَعَ هَوَىٰهُ فَتَرۡدَىٰ ﴿16﴾

‘এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ঈমান পোষণ নকৰে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ঈমান আনাৰ পৰা বিৰত নাৰাখে, অন্যথা তুমি ধ্বংস হৈ যাবা।

20:17

وَمَا تِلۡكَ بِيَمِينِكَ يَٰمُوسَىٰ ﴿17﴾

‘আৰু হে মুছা! তোমাৰ সোঁহাতত সেইডাল কি’?

20:18

قَالَ هِيَ عَصَايَ أَتَوَكَّؤُاْ عَلَيۡهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَـَٔارِبُ أُخۡرَىٰ ﴿18﴾

তেওঁ ক’লে, ‘এইডাল মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ, আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে’।

20:19

قَالَ أَلۡقِهَا يَٰمُوسَىٰ ﴿19﴾

আল্লাহে ক’লে, ‘হে মুছা! তুমি এইডাল (মাটিত) নিক্ষেপ কৰাচোন’।

20:20

فَأَلۡقَىٰهَا فَإِذَا هِيَ حَيَّةٞ تَسۡعَىٰ ﴿20﴾

তাৰ পিছত তেওঁ সেইডাল নিক্ষেপ কৰিলে, লগে লগে সেয়া এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে,

20:21

قَالَ خُذۡهَا وَلَا تَخَفۡۖ سَنُعِيدُهَا سِيرَتَهَا ٱلۡأُولَىٰ ﴿21﴾

আল্লাহে ক’লে, ‘তুমি এইটো ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ ওভোতাই দিম।

20:22

وَٱضۡمُمۡ يَدَكَ إِلَىٰ جَنَاحِكَ تَخۡرُجۡ بَيۡضَآءَ مِنۡ غَيۡرِ سُوٓءٍ ءَايَةً أُخۡرَىٰ ﴿22﴾

‘আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, সেয়া আৰু এটা নিদৰ্শনস্বৰূপ কোনো ধৰণৰ ত্ৰুটিবিহীন উজ্জ্বল হৈ ওলাই আহিব।

20:23

لِنُرِيَكَ مِنۡ ءَايَٰتِنَا ٱلۡكُبۡرَى ﴿23﴾

‘এইটো এই বাবে যে, আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।

20:24

ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ ﴿24﴾

‘ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে’।

20:25

قَالَ رَبِّ ٱشۡرَحۡ لِي صَدۡرِي ﴿25﴾

মুছাই ক’লে, ‘হে মোৰ ৰব! মোৰ বুকু প্ৰশস্ত কৰি দিয়া।

20:26

وَيَسِّرۡ لِيٓ أَمۡرِي ﴿26﴾

‘আৰু মোৰ কাম সহজ কৰি দিয়া,

20:27

وَٱحۡلُلۡ عُقۡدَةٗ مِّن لِّسَانِي ﴿27﴾

‘আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া-

20:28

يَفۡقَهُواْ قَوۡلِي ﴿28﴾

‘যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।

20:29

وَٱجۡعَل لِّي وَزِيرٗا مِّنۡ أَهۡلِي ﴿29﴾

‘আৰু মোৰ পৰিয়ালৰ পৰা মোৰ বাবে এজন সাহায্যকাৰী নিৰ্ধাৰণ কৰি দিয়া;

20:30

هَٰرُونَ أَخِي ﴿30﴾

‘মোৰ ভাই হাৰূনক;

20:31

ٱشۡدُدۡ بِهِۦٓ أَزۡرِي ﴿31﴾

‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,

20:32

وَأَشۡرِكۡهُ فِيٓ أَمۡرِي ﴿32﴾

‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,

20:33

كَيۡ نُسَبِّحَكَ كَثِيرٗا ﴿33﴾

‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,

20:34

وَنَذۡكُرَكَ كَثِيرًا ﴿34﴾

‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰোঁ।

20:35

إِنَّكَ كُنتَ بِنَا بَصِيرٗا ﴿35﴾

‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।

20:36

قَالَ قَدۡ أُوتِيتَ سُؤۡلَكَ يَٰمُوسَىٰ ﴿36﴾

তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।

20:37

وَلَقَدۡ مَنَنَّا عَلَيۡكَ مَرَّةً أُخۡرَىٰٓ ﴿37﴾

‘আৰু অৱশ্যে আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ;