quranm◉

Surah Al-Waqi'ah transliteration

◉ ছুৰা · ∞

56:1

إِذَا وَقَعَتِ ٱلۡوَاقِعَةُ ﴿1﴾

Transliteration: Itha waqaAAati alwaqiAAatu

Translation: যেতিয়া কিয়ামত সংঘটিত হ’ব,

56:2

لَيۡسَ لِوَقۡعَتِهَا كَاذِبَةٌ ﴿2﴾

Transliteration: Laysa liwaqAAatiha kathibatun

Translation: (তেতিয়া) ইয়াৰ সংঘটনৰ অস্বীকাৰকাৰী কোনো নাথাকিব।

56:3

خَافِضَةٞ رَّافِعَةٌ ﴿3﴾

Transliteration: Khafidatun rafiAAatun

Translation: ই কাৰোবাক অধঃপতন কৰিব, কাৰোবাক সমুন্নত কৰিব;

56:4

إِذَا رُجَّتِ ٱلۡأَرۡضُ رَجّٗا ﴿4﴾

Transliteration: Itha rujjati alardu rajjan

Translation: যেতিয়া পৃথিৱী প্ৰবল প্ৰকম্পনেৰে প্ৰকম্পিত হ’ব,

56:5

وَبُسَّتِ ٱلۡجِبَالُ بَسّٗا ﴿5﴾

Transliteration: Wabussati aljibalu bassan

Translation: আৰু পৰ্বতসমূহ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিব,

56:6

فَكَانَتۡ هَبَآءٗ مُّنۢبَثّٗا ﴿6﴾

Transliteration: Fakanat habaan munbaththan

Translation: ফলত সেইবোৰ বিক্ষিপ্ত ধূলিকণাত পৰিণত হ’ব;

56:7

وَكُنتُمۡ أَزۡوَٰجٗا ثَلَٰثَةٗ ﴿7﴾

Transliteration: Wakuntum azwajan thalathatan

Translation: আৰু তোমালোকে বিভক্ত হৈ পৰিবা তিনিটা দলত----

56:8

فَأَصۡحَٰبُ ٱلۡمَيۡمَنَةِ مَآ أَصۡحَٰبُ ٱلۡمَيۡمَنَةِ ﴿8﴾

Transliteration: Faashabu almaymanati ma ashabu almaymanati

Translation: এতেকে সোঁফালৰ দল; আৰু সোঁফালৰ দলটো কিমান যে সৌভাগ্যৱান!

56:9

وَأَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ مَآ أَصۡحَٰبُ ٱلۡمَشۡـَٔمَةِ ﴿9﴾

Transliteration: Waashabu almashamati ma ashabu almashamati

Translation: আৰু বাওঁফালৰ দল; আৰু বাওঁফালৰ দলটো কিমান যে দুৰ্ভগীয়া!

56:10

وَٱلسَّـٰبِقُونَ ٱلسَّـٰبِقُونَ ﴿10﴾

Transliteration: Waalssabiqoona alssabiqoona

Translation: আৰু অগ্ৰগামীসকলেই অগ্ৰগামী,

56:11

أُوْلَـٰٓئِكَ ٱلۡمُقَرَّبُونَ ﴿11﴾

Transliteration: Olaika almuqarraboona

Translation: তেওঁলোকেই সান্নিধ্যপ্ৰাপ্ত--

56:12

فِي جَنَّـٰتِ ٱلنَّعِيمِ ﴿12﴾

Transliteration: Fee jannati alnnaAAeemi

Translation: নিয়ামতেৰে ভৰা জান্নাতত,

56:13

ثُلَّةٞ مِّنَ ٱلۡأَوَّلِينَ ﴿13﴾

Transliteration: Thullatun mina alawwaleena

Translation: বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;

56:14

وَقَلِيلٞ مِّنَ ٱلۡأٓخِرِينَ ﴿14﴾

Transliteration: Waqaleelun mina alakhireena

Translation: আৰু কম সংখ্যক হ’ব পৰবৰ্তীসকলৰ মাজৰ পৰা।

56:15

عَلَىٰ سُرُرٖ مَّوۡضُونَةٖ ﴿15﴾

Transliteration: AAala sururin mawdoonatin

Translation: সোণেৰে নিৰ্মিত আসনমূহত,

56:16

مُّتَّكِـِٔينَ عَلَيۡهَا مُتَقَٰبِلِينَ ﴿16﴾

Transliteration: Muttakieena AAalayha mutaqabileena

Translation: তেওঁলোকে পৰস্পৰে মুখামুখিকৈ আউজি বহিব।

56:17

يَطُوفُ عَلَيۡهِمۡ وِلۡدَٰنٞ مُّخَلَّدُونَ ﴿17﴾

Transliteration: Yatoofu AAalayhim wildanun mukhalladoona

Translation: তেওঁলোকৰ আশে-পাশে ঘূৰি-ফুৰিব চিৰ কিশোৰসকলে,

56:18

بِأَكۡوَابٖ وَأَبَارِيقَ وَكَأۡسٖ مِّن مَّعِينٖ ﴿18﴾

Transliteration: Biakwabin waabareeqa wakasin min maAAeenin

Translation: প্ৰবাহিত নিজৰাৰ সুৰাপূৰ্ণ পানপাত্ৰ আৰু পিয়লাবোৰ লৈ,

56:19

لَّا يُصَدَّعُونَ عَنۡهَا وَلَا يُنزِفُونَ ﴿19﴾

Transliteration: La yusaddaAAoona AAanha wala yunzifoona

Translation: সেই সুৰা পান কৰিলে তেওঁলোকৰ মূৰ নুঘুৰায় আৰু তেওঁলোক জ্ঞানহাৰাও নহ’ব--

56:20

وَفَٰكِهَةٖ مِّمَّا يَتَخَيَّرُونَ ﴿20﴾

Transliteration: Wafakihatin mimma yatakhayyaroona

Translation: আৰু (ঘূৰি ফুৰিব) তেওঁলোকৰ পছন্দনীয় ফল-মূল লৈ,

56:21

وَلَحۡمِ طَيۡرٖ مِّمَّا يَشۡتَهُونَ ﴿21﴾

Transliteration: Walahmi tayrin mimma yashtahoona

Translation: আৰু তেওঁলোকৰ ৰুচি অনুযায়ী চৰাইৰ মাংস লৈ।

56:22

وَحُورٌ عِينٞ ﴿22﴾

Transliteration: Wahoorun AAeenun

Translation: আৰু তেওঁলোকৰ বাবে থাকিব মৃগনয়নী (ডাঙৰ চকুবিশিষ্টা) হুৰ,

56:23

كَأَمۡثَٰلِ ٱللُّؤۡلُوِٕ ٱلۡمَكۡنُونِ ﴿23﴾

Transliteration: Kaamthali allului almaknooni

Translation: যেনিবা সিহঁত সুৰক্ষিত মুকুতাহে,

56:24

جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ ﴿24﴾

Transliteration: Jazaan bima kanoo yaAAmaloona

Translation: তেওঁলোকে যি আমল কৰিছিল তাৰ পুৰস্কাৰস্বৰূপে।

56:25

لَا يَسۡمَعُونَ فِيهَا لَغۡوٗا وَلَا تَأۡثِيمًا ﴿25﴾

Transliteration: La yasmaAAoona feeha laghwan wala tatheeman

Translation: তাত তেওঁলোকে কোনো অলাগতীয়াল কথা আৰু কোনো পাপবাক্য শুনিবলৈ নাপাব,

56:26

إِلَّا قِيلٗا سَلَٰمٗا سَلَٰمٗا ﴿26﴾

Transliteration: Illa qeelan salaman salaman

Translation: শুনিব কেৱল ছালাম আৰু ছালাম।

56:27

وَأَصۡحَٰبُ ٱلۡيَمِينِ مَآ أَصۡحَٰبُ ٱلۡيَمِينِ ﴿27﴾

Transliteration: Waashabu alyameeni ma ashabu alyameeni

Translation: আৰু সোঁফালৰ দল; কিমান যে ভাগ্যৱান সোঁফালৰ দলটো!

56:28

فِي سِدۡرٖ مَّخۡضُودٖ ﴿28﴾

Transliteration: Fee sidrin makhdoodin

Translation: তেওঁলোকে থাকিব এনে উদ্যানত, য’ত আছে কাঁইটবিহীন বগৰী গছ,

56:29

وَطَلۡحٖ مَّنضُودٖ ﴿29﴾

Transliteration: Watalhin mandoodin

Translation: আৰু থোকেৰে ভৰা কল গছ,

56:30

وَظِلّٖ مَّمۡدُودٖ ﴿30﴾

Transliteration: Wathillin mamdoodin

Translation: আৰু সম্প্ৰসাৰিত ছাঁ,

56:31

وَمَآءٖ مَّسۡكُوبٖ ﴿31﴾

Transliteration: Wamain maskoobin

Translation: আৰু সদায় প্ৰবাহমান পানী,

56:32

وَفَٰكِهَةٖ كَثِيرَةٖ ﴿32﴾

Transliteration: Wafakihatin katheeratin

Translation: আৰু প্ৰচুৰ ফল-মূল,

56:33

لَّا مَقۡطُوعَةٖ وَلَا مَمۡنُوعَةٖ ﴿33﴾

Transliteration: La maqtooAAatin wala mamnooAAatin

Translation: যিবোৰ শেষ নহ'ব আৰু নিষিদ্ধও নহ’ব।

56:34

وَفُرُشٖ مَّرۡفُوعَةٍ ﴿34﴾

Transliteration: Wafurushin marfooAAatin

Translation: আৰু (সিহঁত থাকিব) সুউচ্চ শয্যাসমূহত;

56:35

إِنَّآ أَنشَأۡنَٰهُنَّ إِنشَآءٗ ﴿35﴾

Transliteration: Inna anshanahunna inshaan

Translation: নিশ্চয় আমি সিহঁতক (হুৰসকলক) সৃষ্টি কৰিছোঁ বিশেষৰূপত---

56:36

فَجَعَلۡنَٰهُنَّ أَبۡكَارًا ﴿36﴾

Transliteration: FajaAAalnahunna abkaran

Translation: তাৰ পিছত সিহঁতক কুমাৰী বনাইছোঁ,

56:37

عُرُبًا أَتۡرَابٗا ﴿37﴾

Transliteration: AAuruban atraban

Translation: নিজ স্বামীৰ প্ৰতি আসক্ত আৰু সমবয়সীয়া,

56:38

لِّأَصۡحَٰبِ ٱلۡيَمِينِ ﴿38﴾

Transliteration: Liashabi alyameeni

Translation: সোঁফালৰ লোকসকলৰ বাবে।

56:39

ثُلَّةٞ مِّنَ ٱلۡأَوَّلِينَ ﴿39﴾

Transliteration: Thullatun mina alawwaleena

Translation: বহুসংখ্যক হ’ব পূৰ্বৱৰ্তীসকলৰ মাজৰ পৰা;

56:40

وَثُلَّةٞ مِّنَ ٱلۡأٓخِرِينَ ﴿40﴾

Transliteration: Wathullatun mina alakhireena

Translation: আৰু বহুসংখ্যক হ'ব পৰবৰ্তীসকলৰ মাজৰ পৰা।

56:41

وَأَصۡحَٰبُ ٱلشِّمَالِ مَآ أَصۡحَٰبُ ٱلشِّمَالِ ﴿41﴾

Transliteration: Waashabu alshshimali ma ashabu alshshimali

Translation: আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!

56:42

فِي سَمُومٖ وَحَمِيمٖ ﴿42﴾

Transliteration: Fee samoomin wahameemin

Translation: সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,

56:43

وَظِلّٖ مِّن يَحۡمُومٖ ﴿43﴾

Transliteration: Wathillin min yahmoomin

Translation: আৰু অতি ক'লা ধোঁৱাৰ ছাঁত,

56:44

لَّا بَارِدٖ وَلَا كَرِيمٍ ﴿44﴾

Transliteration: La baridin wala kareemin

Translation: যিটো শীতলো নহয় আৰু আৰামদায়কো নহয়।

56:45

إِنَّهُمۡ كَانُواْ قَبۡلَ ذَٰلِكَ مُتۡرَفِينَ ﴿45﴾

Transliteration: Innahum kanoo qabla thalika mutrafeena

Translation: নিশ্চয় সিহঁত ইতিপূৰ্বে ভোগ-বিলাসত মগ্ন আছিল,

56:46

وَكَانُواْ يُصِرُّونَ عَلَى ٱلۡحِنثِ ٱلۡعَظِيمِ ﴿46﴾

Transliteration: Wakanoo yusirroona AAala alhinthi alAAatheemi

Translation: আৰু সিহঁত অবিৰামভাৱে লিপ্ত আছিল জঘন্য পাপ কামত।

56:47

وَكَانُواْ يَقُولُونَ أَئِذَا مِتۡنَا وَكُنَّا تُرَابٗا وَعِظَٰمًا أَءِنَّا لَمَبۡعُوثُونَ ﴿47﴾

Transliteration: Wakanoo yaqooloona aitha mitna wakunna turaban waAAithaman ainna lamabAAoothoona

Translation: আৰু সিহঁতে কৈছিল, ‘আমি যেতিয়া মৰি মাটি আৰু হাড়ত পৰিণত হ'ম তেতিয়াও আমাক পুনৰুত্থিত কৰা হ’বনে’?

56:48

أَوَءَابَآؤُنَا ٱلۡأَوَّلُونَ ﴿48﴾

Transliteration: Awa abaona alawwaloona

Translation: ‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?

56:49

قُلۡ إِنَّ ٱلۡأَوَّلِينَ وَٱلۡأٓخِرِينَ ﴿49﴾

Transliteration: Qul inna alawwaleena waalakhireena

Translation: কোৱা, ‘নিশ্চয় পূৰ্বৱৰ্তীসকলকো আৰু পৰবৰ্তীসকলকো--

56:50

لَمَجۡمُوعُونَ إِلَىٰ مِيقَٰتِ يَوۡمٖ مَّعۡلُومٖ ﴿50﴾

Transliteration: LamajmooAAoona ila meeqati yawmin maAAloomin

Translation: সকলোকে একত্ৰিত কৰা হ’ব এটা নিৰ্ধাৰিত দিনৰ নিৰ্দিষ্ট সময়ত’।

56:51

ثُمَّ إِنَّكُمۡ أَيُّهَا ٱلضَّآلُّونَ ٱلۡمُكَذِّبُونَ ﴿51﴾

Transliteration: Thumma innakum ayyuha alddalloona almukaththiboona

Translation: তাৰ পিছত, হে বিভ্ৰান্ত অস্বীকাৰকাৰীসকল!

56:52

لَأٓكِلُونَ مِن شَجَرٖ مِّن زَقُّومٖ ﴿52﴾

Transliteration: Laakiloona min shajarin min zaqqoomin

Translation: নিশ্চয় আহাৰ কৰিবা যাক্কুম গছৰ পৰা,

56:53

فَمَالِـُٔونَ مِنۡهَا ٱلۡبُطُونَ ﴿53﴾

Transliteration: Famalioona minha albutoona

Translation: সেইটোৰেই তোমালোকে পেট ভৰাবা,

56:54

فَشَٰرِبُونَ عَلَيۡهِ مِنَ ٱلۡحَمِيمِ ﴿54﴾

Transliteration: Fashariboona AAalayhi mina alhameemi

Translation: তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---

56:55

فَشَٰرِبُونَ شُرۡبَ ٱلۡهِيمِ ﴿55﴾

Transliteration: Fashariboona shurba alheemi

Translation: তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।

56:56

هَٰذَا نُزُلُهُمۡ يَوۡمَ ٱلدِّينِ ﴿56﴾

Transliteration: Hatha nuzuluhum yawma alddeeni

Translation: প্ৰতিফল দিৱসত এইটোৱে হ’ব সিহঁতৰ আপ্যায়ন।

56:57

نَحۡنُ خَلَقۡنَٰكُمۡ فَلَوۡلَا تُصَدِّقُونَ ﴿57﴾

Transliteration: Nahnu khalaqnakum falawla tusaddiqoona

Translation: আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ; তেনেহ’লে কিয় তোমালোকে বিশ্বাস নকৰা?

56:58

أَفَرَءَيۡتُم مَّا تُمۡنُونَ ﴿58﴾

Transliteration: Afaraaytum ma tumnoona

Translation: তোমালোকে ভাবিছানে তোমালোকৰ বীৰ্যপাত সম্পৰ্কে?

56:59

ءَأَنتُمۡ تَخۡلُقُونَهُۥٓ أَمۡ نَحۡنُ ٱلۡخَٰلِقُونَ ﴿59﴾

Transliteration: Aantum takhluqoonahu am nahnu alkhaliqoona

Translation: সেইটো তোমালোকে সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?

56:60

نَحۡنُ قَدَّرۡنَا بَيۡنَكُمُ ٱلۡمَوۡتَ وَمَا نَحۡنُ بِمَسۡبُوقِينَ ﴿60﴾

Transliteration: Nahnu qaddarna baynakumu almawta wama nahnu bimasbooqeena

Translation: আমিয়েই তোমালোকৰ মাজত মৃত্যু নিৰ্ধাৰণ কৰিছোঁ আৰু আমি অক্ষম নহওঁ--

56:61

عَلَىٰٓ أَن نُّبَدِّلَ أَمۡثَٰلَكُمۡ وَنُنشِئَكُمۡ فِي مَا لَا تَعۡلَمُونَ ﴿61﴾

Transliteration: AAala an nubaddila amthalakum wanunshiakum fee ma la taAAlamoona

Translation: তোমালোকৰ স্থানত তোমালোকৰ সদৃশ আনিবলৈ আৰু তোমালোকক এনে এটা আকৃতিত সৃষ্টি কৰিবলৈ যিটো তোমালোকে নাজানা।

56:62

وَلَقَدۡ عَلِمۡتُمُ ٱلنَّشۡأَةَ ٱلۡأُولَىٰ فَلَوۡلَا تَذَكَّرُونَ ﴿62﴾

Transliteration: Walaqad AAalimtumu alnnashata aloola falawla tathakkaroona

Translation: আৰু নিশ্চয় তোমালোকে অৱগত হৈছা প্ৰথম সৃষ্টি সম্পৰ্কে, তেন্তে কিয় তোমালোকে উপদেশ গ্ৰহণ নকৰা?

56:63

أَفَرَءَيۡتُم مَّا تَحۡرُثُونَ ﴿63﴾

Transliteration: Afaraaytum ma tahruthoona

Translation: তোমালোকে যি বীজ সিঁচা সেই বিষয়ে তোমালোকে ভাবি চাইছানে?

56:64

ءَأَنتُمۡ تَزۡرَعُونَهُۥٓ أَمۡ نَحۡنُ ٱلزَّـٰرِعُونَ ﴿64﴾

Transliteration: Aantum tazraAAoonahu am nahnu alzzariAAoona

Translation: সেইটো তোমালোকে অংকুৰিত কৰা, নে আমি অংকুৰিত কৰোঁ?

56:65

لَوۡ نَشَآءُ لَجَعَلۡنَٰهُ حُطَٰمٗا فَظَلۡتُمۡ تَفَكَّهُونَ ﴿65﴾

Transliteration: Law nashao lajaAAalnahu hutaman fathaltum tafakkahoona

Translation: আমি ইচ্ছা কৰিলে ইয়াক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, তেতিয়া তোমালোকে হতাশ হৈ পৰিবা;

56:66

إِنَّا لَمُغۡرَمُونَ ﴿66﴾

Transliteration: Inna lamughramoona

Translation: (এই বুলি) ‘নিশ্চয় আমি দায়গ্ৰস্ত হৈ পৰিলোঁ’,

56:67

بَلۡ نَحۡنُ مَحۡرُومُونَ ﴿67﴾

Transliteration: Bal nahnu mahroomoona

Translation: ‘বৰং আমি বঞ্চিত’।

56:68

أَفَرَءَيۡتُمُ ٱلۡمَآءَ ٱلَّذِي تَشۡرَبُونَ ﴿68﴾

Transliteration: Afaraaytumu almaa allathee tashraboona

Translation: তোমালোকে যি পানী সেৱন কৰা সেই সম্পৰ্কে কোৱাচোন,

56:69

ءَأَنتُمۡ أَنزَلۡتُمُوهُ مِنَ ٱلۡمُزۡنِ أَمۡ نَحۡنُ ٱلۡمُنزِلُونَ ﴿69﴾

Transliteration: Aantum anzaltumoohu mina almuzni am nahnu almunziloona

Translation: মেঘৰ পৰা সেইটো তোমালোকে নমাই আনা, নে আমি সেইটো বৰ্ষণ কৰোঁ?

56:70

لَوۡ نَشَآءُ جَعَلۡنَٰهُ أُجَاجٗا فَلَوۡلَا تَشۡكُرُونَ ﴿70﴾

Transliteration: Law nashao jaAAalnahu ojajan falawla tashkuroona

Translation: আমি ইচ্ছা কৰিলে সেইটো লুণীয়া কৰি দিব পাৰোঁ। তথাপিও কিয় তোমালোকে কৃতজ্ঞতা প্ৰকাশ নকৰা?

56:71

أَفَرَءَيۡتُمُ ٱلنَّارَ ٱلَّتِي تُورُونَ ﴿71﴾

Transliteration: Afaraaytumu alnnara allatee tooroona

Translation: তোমালোকে যি জুই জ্বলোৱা সেই বিষয়ে কোৱাচোন,

56:72

ءَأَنتُمۡ أَنشَأۡتُمۡ شَجَرَتَهَآ أَمۡ نَحۡنُ ٱلۡمُنشِـُٔونَ ﴿72﴾

Transliteration: Aantum anshatum shajarataha am nahnu almunshioona

Translation: তোমালোকে ইয়াৰ গছ সৃষ্টি কৰা, নে আমি সৃষ্টি কৰোঁ?

56:73

نَحۡنُ جَعَلۡنَٰهَا تَذۡكِرَةٗ وَمَتَٰعٗا لِّلۡمُقۡوِينَ ﴿73﴾

Transliteration: Nahnu jaAAalnaha tathkiratan wamataAAan lilmuqweena

Translation: ইয়াক আমি কৰিছোঁ এটা স্মাৰক আৰু মৰুভুমিতবাস কৰা লোকৰ প্ৰয়োজনীয় বস্তু।

56:74

فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِيمِ ﴿74﴾

Transliteration: Fasabbih biismi rabbika alAAatheemi

Translation: এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

56:75

فَلَآ أُقۡسِمُ بِمَوَٰقِعِ ٱلنُّجُومِ ﴿75﴾

Transliteration: Fala oqsimu bimawaqiAAi alnnujoomi

Translation: এতেকে মই শপত কৰিছোঁ নক্ষত্ৰৰাজিৰ অস্তাচলৰ,

56:76

وَإِنَّهُۥ لَقَسَمٞ لَّوۡ تَعۡلَمُونَ عَظِيمٌ ﴿76﴾

Transliteration: Wainnahu laqasamun law taAAlamoona AAatheemun

Translation: আৰু নিশ্চয় এইটো এটা মহাশপত, যদি তোমালোকে জানিলাহেঁতেন--

56:77

إِنَّهُۥ لَقُرۡءَانٞ كَرِيمٞ ﴿77﴾

Transliteration: Innahu laquranun kareemun

Translation: নিশ্চয় এইখন মহিমান্বিত কোৰআন,

56:78

فِي كِتَٰبٖ مَّكۡنُونٖ ﴿78﴾

Transliteration: Fee kitabin maknoonin

Translation: যিখন আছে সুৰক্ষিত কিতাবত (লিপিবদ্ধ)।

56:79

لَّا يَمَسُّهُۥٓ إِلَّا ٱلۡمُطَهَّرُونَ ﴿79﴾

Transliteration: La yamassuhu illa almutahharoona

Translation: পৱিত্ৰসকলৰ বাহিৰে আন কোনোৱে ইয়াক স্পৰ্শ কৰিব নোৱাৰে।

56:80

تَنزِيلٞ مِّن رَّبِّ ٱلۡعَٰلَمِينَ ﴿80﴾

Transliteration: Tanzeelun min rabbi alAAalameena

Translation: এয়া বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা নাযিলকৃত।

56:81

أَفَبِهَٰذَا ٱلۡحَدِيثِ أَنتُم مُّدۡهِنُونَ ﴿81﴾

Transliteration: Afabihatha alhadeethi antum mudhinoona

Translation: তথাপিও তোমালোকে এই বাণীক তুচ্ছ বুলি ভাবিছা নেকি?

56:82

وَتَجۡعَلُونَ رِزۡقَكُمۡ أَنَّكُمۡ تُكَذِّبُونَ ﴿82﴾

Transliteration: WatajAAaloona rizqakum annakum tukaththiboona

Translation: আৰু তোমালোকে অস্বীকাৰ কৰাকেই তোমালোকৰ জীৱিকা কৰি লৈছা নেকি!

56:83

فَلَوۡلَآ إِذَا بَلَغَتِ ٱلۡحُلۡقُومَ ﴿83﴾

Transliteration: Falawla itha balaghati alhulqooma

Translation: এতেকে কিয় নহয়—প্ৰাণ যেতিয়া কন্ঠাগত হয়,

56:84

وَأَنتُمۡ حِينَئِذٖ تَنظُرُونَ ﴿84﴾

Transliteration: Waantum heenaithin tanthuroona

Translation: আৰু তেতিয়া তোমালোকে (অসহায় হৈ) চাই থাকা,

56:85

وَنَحۡنُ أَقۡرَبُ إِلَيۡهِ مِنكُمۡ وَلَٰكِن لَّا تُبۡصِرُونَ ﴿85﴾

Transliteration: Wanahnu aqrabu ilayhi minkum walakin la tubsiroona

Translation: আৰু আমি তোমালোকতকৈও তাৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা।

56:86

فَلَوۡلَآ إِن كُنتُمۡ غَيۡرَ مَدِينِينَ ﴿86﴾

Transliteration: Falawla in kuntum ghayra madeeneena

Translation: এতেকে যদি তোমালোকে হিচাপ-নিকাচ আৰু প্ৰতিফলৰ সন্মুখীন নোহোৱা,

56:87

تَرۡجِعُونَهَآ إِن كُنتُمۡ صَٰدِقِينَ ﴿87﴾

Transliteration: TarjiAAoonaha in kuntum sadiqeena

Translation: তেনেহ'লে তোমালোকে সেইটো (আত্মাটো) ঘূৰাই নানা কিয়? যদি তোমালোকে সত্যবাদী!

56:88

فَأَمَّآ إِن كَانَ مِنَ ٱلۡمُقَرَّبِينَ ﴿88﴾

Transliteration: Faamma in kana mina almuqarrabeena

Translation: তাৰ পিছত সি যদি নৈকট্যপ্ৰাপ্তসকলৰ এজন হয়,

56:89

فَرَوۡحٞ وَرَيۡحَانٞ وَجَنَّتُ نَعِيمٖ ﴿89﴾

Transliteration: Farawhun warayhanun wajannatu naAAeemin

Translation: তেন্তে তাৰ বাবে থাকিব বিশ্ৰাম, উত্তম জীৱনোপকৰণ আৰু সুখময় জান্নাত।

56:90

وَأَمَّآ إِن كَانَ مِنۡ أَصۡحَٰبِ ٱلۡيَمِينِ ﴿90﴾

Transliteration: Waamma in kana min ashabi alyameeni

Translation: আৰু সি যদি হয় সোঁফালৰ দলৰ এজন,

56:91

فَسَلَٰمٞ لَّكَ مِنۡ أَصۡحَٰبِ ٱلۡيَمِينِ ﴿91﴾

Transliteration: Fasalamun laka min ashabi alyameeni

Translation: তেন্তে (তাক কোৱা হ’ব) ‘তোমাৰ প্ৰতি ছালাম’, যিহেতু তুমি সোঁফালৰ এজন।

56:92

وَأَمَّآ إِن كَانَ مِنَ ٱلۡمُكَذِّبِينَ ٱلضَّآلِّينَ ﴿92﴾

Transliteration: Waamma in kana mina almukaththibeena alddalleena

Translation: কিন্তু সি যদি হয় অস্বীকাৰকাৰী, বিভ্ৰান্তসকলৰ এজন,

56:93

فَنُزُلٞ مِّنۡ حَمِيمٖ ﴿93﴾

Transliteration: Fanuzulun min hameemin

Translation: তেন্তে তাৰ আতিথ্য কৰা হ’ব উতলা পানীৰ দ্বাৰা,

56:94

وَتَصۡلِيَةُ جَحِيمٍ ﴿94﴾

Transliteration: Watasliyatu jaheemin

Translation: আৰু জাহান্নামৰ দহনেৰে;

56:95

إِنَّ هَٰذَا لَهُوَ حَقُّ ٱلۡيَقِينِ ﴿95﴾

Transliteration: Inna hatha lahuwa haqqu alyaqeeni

Translation: নিশ্চয় এইটো সুনিশ্চিত সত্য।

56:96

فَسَبِّحۡ بِٱسۡمِ رَبِّكَ ٱلۡعَظِيمِ ﴿96﴾

Transliteration: Fasabbih biismi rabbika alAAatheemi

Translation: এতেকে তুমি তোমাৰ মহান প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰা।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download