quranm◉

Surah Al-Buruj transliteration

◉ ছুৰা · ∞

85:1

وَٱلسَّمَآءِ ذَاتِ ٱلۡبُرُوجِ ﴿1﴾

Transliteration: Waalssamai thati alburooji

Translation: শপত বুৰূজবিশিষ্ট আকাশৰ,

85:2

وَٱلۡيَوۡمِ ٱلۡمَوۡعُودِ ﴿2﴾

Transliteration: Waalyawmi almawAAoodi

Translation: শপত প্ৰতিশ্ৰুতিকৃত দিনৰ,

85:3

وَشَاهِدٖ وَمَشۡهُودٖ ﴿3﴾

Transliteration: Washahidin wamashhoodin

Translation: শপত দ্ৰষ্টা আৰু দৃষ্টৰ,

85:4

قُتِلَ أَصۡحَٰبُ ٱلۡأُخۡدُودِ ﴿4﴾

Transliteration: Qutila ashabu alukhdoodi

Translation: অভিশপ্ত হৈছিল অগ্নিকুণ্ডৰ অধিপতিসকল,

85:5

ٱلنَّارِ ذَاتِ ٱلۡوَقُودِ ﴿5﴾

Transliteration: Alnnari thati alwaqoodi

Translation: য’ত আছিল ইন্ধনপূৰ্ণ জুই।

85:6

إِذۡ هُمۡ عَلَيۡهَا قُعُودٞ ﴿6﴾

Transliteration: Ith hum AAalayha quAAoodun

Translation: যেতিয়া সিহঁত ইয়াৰ কাষত উপবিষ্ট আছিল;

85:7

وَهُمۡ عَلَىٰ مَا يَفۡعَلُونَ بِٱلۡمُؤۡمِنِينَ شُهُودٞ ﴿7﴾

Transliteration: Wahum AAala ma yafAAaloona bialmumineena shuhoodun

Translation: আৰু সিহঁতে মুমিনসকলৰ লগত যি কৰিছিল সেয়া প্ৰত্যক্ষ কৰিছিল।

85:8

وَمَا نَقَمُواْ مِنۡهُمۡ إِلَّآ أَن يُؤۡمِنُواْ بِٱللَّهِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ ﴿8﴾

Transliteration: Wama naqamoo minhum illa an yuminoo biAllahi alAAazeezi alhameedi

Translation: আৰু সিহঁতে তেওঁলোকক নিৰ্যাতন কৰিছিল কেৱল এই কাৰণে যে, তেওঁলোকে ঈমান আনিছিল পৰাক্ৰমশালী আৰু প্ৰশংসাৰ যোগ্য আল্লাহৰ ওপৰত,

85:9

ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٌ ﴿9﴾

Transliteration: Allathee lahu mulku alssamawati waalardi waAllahu AAala kulli shayin shaheedun

Translation: যাৰ অধিকাৰত আছে আকাশ আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব; আৰু আল্লাহ সকলো বস্তুৰ প্ৰত্যক্ষদৰ্শী।

85:10

إِنَّ ٱلَّذِينَ فَتَنُواْ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ ثُمَّ لَمۡ يَتُوبُواْ فَلَهُمۡ عَذَابُ جَهَنَّمَ وَلَهُمۡ عَذَابُ ٱلۡحَرِيقِ ﴿10﴾

Transliteration: Inna allatheena fatanoo almumineena waalmuminati thumma lam yatooboo falahum AAathabu jahannama walahum AAathabu alhareeqi

Translation: নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।

85:11

إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ لَهُمۡ جَنَّـٰتٞ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡكَبِيرُ ﴿11﴾

Transliteration: Inna allatheena amanoo waAAamiloo alssalihati lahum jannatun tajree min tahtiha alanharu thalika alfawzu alkabeeru

Translation: নিশ্চয় যিসকলে ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত; এইটোৱে মহাসাফল্য।

85:12

إِنَّ بَطۡشَ رَبِّكَ لَشَدِيدٌ ﴿12﴾

Transliteration: Inna batsha rabbika lashadeedun

Translation: নিশ্চয় তোমাৰ প্ৰতিপালকৰ গ্ৰেপ্তাৰী অতি কঠোৰ।

85:13

إِنَّهُۥ هُوَ يُبۡدِئُ وَيُعِيدُ ﴿13﴾

Transliteration: Innahu huwa yubdio wayuAAeedu

Translation: তেৱেঁই অস্তিত্ব প্ৰদান কৰে আৰু তেৱেঁই পুনৰাৱৰ্তন ঘটায়,

85:14

وَهُوَ ٱلۡغَفُورُ ٱلۡوَدُودُ ﴿14﴾

Transliteration: Wahuwa alghafooru alwadoodu

Translation: নিশ্চয় তেওঁ ক্ষমাশীল, অতিস্নেহশীল।

85:15

ذُو ٱلۡعَرۡشِ ٱلۡمَجِيدُ ﴿15﴾

Transliteration: Thoo alAAarshi almajeedi

Translation: আৰছৰ অধিপতি, সন্মানিত।

85:16

فَعَّالٞ لِّمَا يُرِيدُ ﴿16﴾

Transliteration: FaAAAAalun lima yureedu

Translation: তেওঁ যি বিচাৰে সেইটোৱে কৰে।

85:17

هَلۡ أَتَىٰكَ حَدِيثُ ٱلۡجُنُودِ ﴿17﴾

Transliteration: Hal ataka hadeethu aljunoodi

Translation: তোমাৰ ওচৰত সৈন্যবাহিনীৰ বৃত্তান্ত আহি পাইছেনে?

85:18

فِرۡعَوۡنَ وَثَمُودَ ﴿18﴾

Transliteration: FirAAawna wathamooda

Translation: ফিৰআউনৰ আৰু ছামূদৰ।

85:19

بَلِ ٱلَّذِينَ كَفَرُواْ فِي تَكۡذِيبٖ ﴿19﴾

Transliteration: Bali allatheena kafaroo fee taktheebin

Translation: তথাপিও কাফিৰসকল মিথ্যাৰোপ কৰাত লিপ্ত;

85:20

وَٱللَّهُ مِن وَرَآئِهِم مُّحِيطُۢ ﴿20﴾

Transliteration: WaAllahu min waraihim muheetun

Translation: আৰু আল্লাহে সিহঁতক কেউফালৰ পৰা পৰিবেষ্টন কৰি আছে।

85:21

بَلۡ هُوَ قُرۡءَانٞ مَّجِيدٞ ﴿21﴾

Transliteration: Bal huwa quranun majeedun

Translation: প্ৰকৃততে ই সন্মানিত কোৰআন,

85:22

فِي لَوۡحٖ مَّحۡفُوظِۭ ﴿22﴾

Transliteration: Fee lawhin mahfoothin

Translation: সুৰক্ষিত ফলকত লিপিবদ্ধ।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download