quranm◉

Surah Al-Mutaffifin transliteration

◉ ছুৰা · ∞

83:1

وَيۡلٞ لِّلۡمُطَفِّفِينَ ﴿1﴾

Transliteration: Waylun lilmutaffifeena

Translation: ধ্বংস সিহঁতৰ বাবে যিহঁতে জোখ-মাখত কম দিয়ে,

83:2

ٱلَّذِينَ إِذَا ٱكۡتَالُواْ عَلَى ٱلنَّاسِ يَسۡتَوۡفُونَ ﴿2﴾

Transliteration: Allatheena itha iktaloo AAala alnnasi yastawfoona

Translation: যিহঁতে আনৰ পৰা মাপি লওঁতে পূৰ্ণমাত্ৰাত গ্ৰহণ কৰে,

83:3

وَإِذَا كَالُوهُمۡ أَو وَّزَنُوهُمۡ يُخۡسِرُونَ ﴿3﴾

Transliteration: Waitha kaloohum aw wazanoohum yukhsiroona

Translation: আৰু যেতিয়া সিহঁতে মাপি দিয়ে অথবা ওজন কৰি দিয়ে, তেতিয়া কম দিয়ে।

83:4

أَلَا يَظُنُّ أُوْلَـٰٓئِكَ أَنَّهُم مَّبۡعُوثُونَ ﴿4﴾

Transliteration: Ala yathunnu olaika annahum mabAAoothoona

Translation: সিহঁতে বিশ্বাস নকৰে নেকি যে, সিহঁত পুৰনৰুত্থিত হ’ব?

83:5

لِيَوۡمٍ عَظِيمٖ ﴿5﴾

Transliteration: Liyawmin AAatheemin

Translation: মহাদিৱসত।

83:6

يَوۡمَ يَقُومُ ٱلنَّاسُ لِرَبِّ ٱلۡعَٰلَمِينَ ﴿6﴾

Transliteration: Yawma yaqoomu alnnasu lirabbi alAAalameena

Translation: যিদিনা সকলো মানুহে বিশ্বজগতৰ প্ৰতিপালকৰ সন্মুখত থিয় হ’ব।

83:7

كَلَّآ إِنَّ كِتَٰبَ ٱلۡفُجَّارِ لَفِي سِجِّينٖ ﴿7﴾

Transliteration: Kalla inna kitaba alfujjari lafee sijjeenin

Translation: কেতিয়াও নহয়, নিশ্চয় পাপীসকলৰ আমলনামা ছিজ্জিনত আছে।

83:8

وَمَآ أَدۡرَىٰكَ مَا سِجِّينٞ ﴿8﴾

Transliteration: Wama adraka ma sijjeenun

Translation: আৰু তোমাক কিহে জনাব যে, ছিজ্জীন কি?

83:9

كِتَٰبٞ مَّرۡقُومٞ ﴿9﴾

Transliteration: Kitabun marqoomun

Translation: চিহ্নিত আমলনামা।

83:10

وَيۡلٞ يَوۡمَئِذٖ لِّلۡمُكَذِّبِينَ ﴿10﴾

Transliteration: Waylun yawmaithin lilmukaththibeena

Translation: সেইদিনা ধ্বংস অনিবাৰ্য অস্বীকাৰকাৰীসকলৰ বাবে,

83:11

ٱلَّذِينَ يُكَذِّبُونَ بِيَوۡمِ ٱلدِّينِ ﴿11﴾

Transliteration: Allatheena yukaththiboona biyawmi alddeeni

Translation: যিহঁতে প্ৰতিদান দিৱসক অস্বীকাৰ কৰে।

83:12

وَمَا يُكَذِّبُ بِهِۦٓ إِلَّا كُلُّ مُعۡتَدٍ أَثِيمٍ ﴿12﴾

Transliteration: Wama yukaththibu bihi illa kullu muAAtadin atheemin

Translation: আৰু কেৱল প্ৰত্যেক পাপিষ্ঠ সীমালঙ্ঘনকাৰীৰ বাহিৰে আন কোনেও ইয়াক অস্বীকাৰ নকৰে।

83:13

إِذَا تُتۡلَىٰ عَلَيۡهِ ءَايَٰتُنَا قَالَ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ﴿13﴾

Transliteration: Itha tutla AAalayhi ayatuna qala asateeru alawwaleena

Translation: আৰু যেতিয়া আমাৰ আয়াতসমূহ তাৰ ওচৰত তিলাৱত কৰা হয় তেতিয়া সি কয়, (এয়া হৈছে) ‘পুৰ্বৱৰ্তীসকলৰ উপকথা’।

83:14

كَلَّاۖ بَلۡۜ رَانَ عَلَىٰ قُلُوبِهِم مَّا كَانُواْ يَكۡسِبُونَ ﴿14﴾

Transliteration: Kalla bal rana AAala quloobihim ma kanoo yaksiboona

Translation: কেতিয়াও নহয়, সিহঁতৰ কৰ্মৰ ফলত সিহঁতৰ অন্তৰত মামৰ ধৰিছে।

83:15

كَلَّآ إِنَّهُمۡ عَن رَّبِّهِمۡ يَوۡمَئِذٖ لَّمَحۡجُوبُونَ ﴿15﴾

Transliteration: Kalla innahum AAan rabbihim yawmaithin lamahjooboona

Translation: কেতিয়াও নহয়, নিশ্চয় সিহঁত সেইদিনা নিজ প্ৰতিপালকৰ পৰা পৰ্দাৰ আঁৰত থাকিব।

83:16

ثُمَّ إِنَّهُمۡ لَصَالُواْ ٱلۡجَحِيمِ ﴿16﴾

Transliteration: Thumma innahum lasaloo aljaheemi

Translation: তাৰ পিছত নিশ্চয় সিহঁতে প্ৰজ্জ্বলিত জাহান্নামত প্ৰৱেশ কৰিব;

83:17

ثُمَّ يُقَالُ هَٰذَا ٱلَّذِي كُنتُم بِهِۦ تُكَذِّبُونَ ﴿17﴾

Transliteration: Thumma yuqalu hatha allathee kuntum bihi tukaththiboona

Translation: তাৰ পিছত কোৱা হ’ব, ‘এইটোৱে সেইটো যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

83:18

كَلَّآ إِنَّ كِتَٰبَ ٱلۡأَبۡرَارِ لَفِي عِلِّيِّينَ ﴿18﴾

Transliteration: Kalla inna kitaba alabrari lafee AAilliyyeena

Translation: কেতিয়াও নহয়, নিশ্চয় পূণ্যৱানসকলৰ আমলনামা ইল্লিয়্যীনত আছে।

83:19

وَمَآ أَدۡرَىٰكَ مَا عِلِّيُّونَ ﴿19﴾

Transliteration: Wama adraka ma AAilliyyoona

Translation: আৰু তোমাক কিহে জনাব যে, ইল্লিয়্যীন কি?

83:20

كِتَٰبٞ مَّرۡقُومٞ ﴿20﴾

Transliteration: Kitabun marqoomun

Translation: চিহ্নিত আমলনামা।

83:21

يَشۡهَدُهُ ٱلۡمُقَرَّبُونَ ﴿21﴾

Transliteration: Yashhaduhu almuqarraboona

Translation: সান্নিধ্যপ্ৰাপ্তসকলেই ইয়াৰ অবলোকন কৰে।

83:22

إِنَّ ٱلۡأَبۡرَارَ لَفِي نَعِيمٍ ﴿22﴾

Transliteration: Inna alabrara lafee naAAeemin

Translation: নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।

83:23

عَلَى ٱلۡأَرَآئِكِ يَنظُرُونَ ﴿23﴾

Transliteration: AAala alaraiki yanthuroona

Translation: সুসজ্জিত আসনত বহি দৰ্শন কৰিব।

83:24

تَعۡرِفُ فِي وُجُوهِهِمۡ نَضۡرَةَ ٱلنَّعِيمِ ﴿24﴾

Transliteration: TaAArifu fee wujoohihim nadrata alnnaAAeemi

Translation: তুমি সিহঁতৰ মুখমণ্ডলত সূখ-শান্তিৰ উজ্জলতা দেখিবলৈ পাবা,

83:25

يُسۡقَوۡنَ مِن رَّحِيقٖ مَّخۡتُومٍ ﴿25﴾

Transliteration: Yusqawna min raheeqin makhtoomin

Translation: সিহঁতক মোহৰ মাৰি থোৱা বিশুদ্ধ পানীয় পান কৰোৱা হ’ব;

83:26

خِتَٰمُهُۥ مِسۡكٞۚ وَفِي ذَٰلِكَ فَلۡيَتَنَافَسِ ٱلۡمُتَنَٰفِسُونَ ﴿26﴾

Transliteration: Khitamuhu miskun wafee thalika falyatanafasi almutanafisoona

Translation: আৰু যাৰ মোহৰ হ'ব মিছকৰ, সেয়ে এই বিষয়ে প্ৰতিযোগীসকলে প্ৰতিযোগীতা কৰা উচিত।

83:27

وَمِزَاجُهُۥ مِن تَسۡنِيمٍ ﴿27﴾

Transliteration: Wamizajuhu min tasneemin

Translation: আৰু ইয়াৰ মিশ্ৰণ হ’ব তাছনীমৰ দ্বাৰা,

83:28

عَيۡنٗا يَشۡرَبُ بِهَا ٱلۡمُقَرَّبُونَ ﴿28﴾

Transliteration: AAaynan yashrabu biha almuqarraboona

Translation: (সেইটো) এটা নিজৰা, যাৰ পৰা সান্নিধ্যসকলে পান কৰিব।

83:29

إِنَّ ٱلَّذِينَ أَجۡرَمُواْ كَانُواْ مِنَ ٱلَّذِينَ ءَامَنُواْ يَضۡحَكُونَ ﴿29﴾

Transliteration: Inna allatheena ajramoo kanoo mina allatheena amanoo yadhakoona

Translation: নিশ্চয় যিহঁতে অপৰাধ কৰিছে সিহঁতে মুমিনসকলক উপহাস কৰিছিল,

83:30

وَإِذَا مَرُّواْ بِهِمۡ يَتَغَامَزُونَ ﴿30﴾

Transliteration: Waitha marroo bihim yataghamazoona

Translation: আৰু যেতিয়া সিহঁতে মুমিনসকলৰ ওচৰেদি গৈছিল তেতিয়া সিহঁতে চকু টিপি বিদ্ৰূপ কৰিছিল।

83:31

وَإِذَا ٱنقَلَبُوٓاْ إِلَىٰٓ أَهۡلِهِمُ ٱنقَلَبُواْ فَكِهِينَ ﴿31﴾

Transliteration: Waitha inqalaboo ila ahlihimu inqalaboo fakiheena

Translation: আৰু যেতিয়া সিহঁতে আপোনজনৰ ওচৰলৈ উভতি আহিছিল তেতিয়া উত্ফল্লিত হৈ উভতিছিল,

83:32

وَإِذَا رَأَوۡهُمۡ قَالُوٓاْ إِنَّ هَـٰٓؤُلَآءِ لَضَآلُّونَ ﴿32﴾

Transliteration: Waitha raawhum qaloo inna haolai ladalloona

Translation: আৰু সিহঁতে যেতিয়া মুমিনসকলক দেখিছিল তেতিয়া কৈছিল, ‘নিশ্চয় ইহঁত পথভ্ৰষ্ট’।

83:33

وَمَآ أُرۡسِلُواْ عَلَيۡهِمۡ حَٰفِظِينَ ﴿33﴾

Transliteration: Wama orsiloo AAalayhim hafitheena

Translation: অথচ সিহঁতক মুমিনসকলৰ তত্ত্ববধায়ক হিচাপে পঠোৱা হোৱা নাই।

83:34

فَٱلۡيَوۡمَ ٱلَّذِينَ ءَامَنُواْ مِنَ ٱلۡكُفَّارِ يَضۡحَكُونَ ﴿34﴾

Transliteration: Faalyawma allatheena amanoo mina alkuffari yadhakoona

Translation: এতেকে আজি মুমিনসকলে উপহাস কৰিব কাফিৰসকলক।

83:35

عَلَى ٱلۡأَرَآئِكِ يَنظُرُونَ ﴿35﴾

Transliteration: AAala alaraiki yanthuroona

Translation: সুসজ্জিত আসনত বহি দৰ্শন কৰিব।

83:36

هَلۡ ثُوِّبَ ٱلۡكُفَّارُ مَا كَانُواْ يَفۡعَلُونَ ﴿36﴾

Transliteration: Hal thuwwiba alkuffaru ma kanoo yafAAaloona

Translation: কাফিৰসকলে সিহঁতৰ কৃতকৰ্মৰ ফল পালেনে?

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download