quranm◉

Surah Al-Infitar transliteration

◉ ছুৰা · ∞

82:1

إِذَا ٱلسَّمَآءُ ٱنفَطَرَتۡ ﴿1﴾

Transliteration: Itha alssamao infatarat

Translation: যেতিয়া আকাশখন বিদীৰ্ণ হ’ব,

82:2

وَإِذَا ٱلۡكَوَاكِبُ ٱنتَثَرَتۡ ﴿2﴾

Transliteration: Waitha alkawakibu intatharat

Translation: আৰু যেতিয়া নক্ষত্ৰসমূহ বিক্ষিপ্তভাৱে খহি পৰিব,

82:3

وَإِذَا ٱلۡبِحَارُ فُجِّرَتۡ ﴿3﴾

Transliteration: Waitha albiharu fujjirat

Translation: আৰু যেতিয়া সাগৰসমূহক বিস্ফোৰিত কৰা হ’ব,

82:4

وَإِذَا ٱلۡقُبُورُ بُعۡثِرَتۡ ﴿4﴾

Transliteration: Waitha alqubooru buAAthirat

Translation: আৰু যেতিয়া কবৰসমূহক উন্মোচিত কৰা হ’ব,

82:5

عَلِمَتۡ نَفۡسٞ مَّا قَدَّمَتۡ وَأَخَّرَتۡ ﴿5﴾

Transliteration: AAalimat nafsun ma qaddamat waakhkharat

Translation: তেতিয়া প্ৰত্যেকেই জানিব, সি কি আগলৈ পঠিয়াইছে আৰু পিছত কি ৰাখি আহিছে।

82:6

يَـٰٓأَيُّهَا ٱلۡإِنسَٰنُ مَا غَرَّكَ بِرَبِّكَ ٱلۡكَرِيمِ ﴿6﴾

Transliteration: Ya ayyuha alinsanu ma gharraka birabbika alkareemi

Translation: হে মানৱ! কিহে তোমাক তোমাৰ প্ৰতিপালক সম্পৰ্কে বিভ্ৰান্ত কৰিছে?

82:7

ٱلَّذِي خَلَقَكَ فَسَوَّىٰكَ فَعَدَلَكَ ﴿7﴾

Transliteration: Allathee khalaqaka fasawwaka faAAadalaka

Translation: যিজনে তোমাক সৃষ্টি কৰিছে, তাৰ পিছত তোমাক সুঠাম কৰিছে আৰু সুসামঞ্জস্য কৰিছে,

82:8

فِيٓ أَيِّ صُورَةٖ مَّا شَآءَ رَكَّبَكَ ﴿8﴾

Transliteration: Fee ayyi sooratin ma shaa rakkabaka

Translation: আৰু যি আকৃতিত বিচাৰিছে, তেওঁ তোমাক (সেই আকৃতিতে) গঠন কৰিছে।

82:9

كَلَّا بَلۡ تُكَذِّبُونَ بِٱلدِّينِ ﴿9﴾

Transliteration: Kalla bal tukaththiboona bialddeeni

Translation: কেতিয়াও নহয়, বৰং তোমালোকে প্ৰতিদান দিৱসক অস্বীকাৰ কৰা;

82:10

وَإِنَّ عَلَيۡكُمۡ لَحَٰفِظِينَ ﴿10﴾

Transliteration: Wainna AAalaykum lahafitheena

Translation: আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;

82:11

كِرَامٗا كَٰتِبِينَ ﴿11﴾

Transliteration: Kiraman katibeena

Translation: সন্মানিত লেখক বৃন্দ;

82:12

يَعۡلَمُونَ مَا تَفۡعَلُونَ ﴿12﴾

Transliteration: YaAAlamoona ma tafAAaloona

Translation: তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।

82:13

إِنَّ ٱلۡأَبۡرَارَ لَفِي نَعِيمٖ ﴿13﴾

Transliteration: Inna alabrara lafee naAAeemin

Translation: নিশ্চয় সত্কৰ্মপৰায়ণসকল থাকিব পৰম সুখ-শান্তিত।

82:14

وَإِنَّ ٱلۡفُجَّارَ لَفِي جَحِيمٖ ﴿14﴾

Transliteration: Wainna alfujjara lafee jaheemin

Translation: আৰু নিশ্চয় পাপীসকল থাকিব জাহান্নামত।

82:15

يَصۡلَوۡنَهَا يَوۡمَ ٱلدِّينِ ﴿15﴾

Transliteration: Yaslawnaha yawma alddeeni

Translation: সিহঁতে প্ৰতিদান দিৱসত তাত প্ৰৱেশ কৰিব;

82:16

وَمَا هُمۡ عَنۡهَا بِغَآئِبِينَ ﴿16﴾

Transliteration: Wama hum AAanha bighaibeena

Translation: আৰু সিহঁতে তাৰ পৰা অনুপস্থিত থাকিব নোৱাৰিব।

82:17

وَمَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ﴿17﴾

Transliteration: Wama adraka ma yawmu alddeeni

Translation: আৰু তোমাক কিহে জনাব যে, প্ৰতিদান দিৱস কি?

82:18

ثُمَّ مَآ أَدۡرَىٰكَ مَا يَوۡمُ ٱلدِّينِ ﴿18﴾

Transliteration: Thumma ma adraka ma yawmu alddeeni

Translation: আকৌ কৈছো, কিহে তোমাক জনাব প্ৰতিদান দিৱস কি?

82:19

يَوۡمَ لَا تَمۡلِكُ نَفۡسٞ لِّنَفۡسٖ شَيۡـٔٗاۖ وَٱلۡأَمۡرُ يَوۡمَئِذٖ لِّلَّهِ ﴿19﴾

Transliteration: Yawma la tamliku nafsun linafsin shayan waalamru yawmaithin lillahi

Translation: সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।

Transliteration source: English Transliteration by Tanzil. Used under Tanzil's non-commercial terms; see the source and latest updates at Tanzil. Tanzil translation download